NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত উদ্ধাৰ চোৰাংচিকাৰীয়ে কাণ, খৰ্গ কাটি নিয়া মাইকী গঁড়ৰ মৃতদেহ

Posted by: উত্তম শইকীয়া June 13, 2018 8:24 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত চোৰাং চিকাৰীয়ে কাণ আৰু খৰ্গ কাটি নিয়া এজনী মাইকী গঁড়ৰ মৃতদেহ আজি ১৩ জুনত উদ্ধাৰ হৈছে৷

বাগৰি বনাঞ্চলৰ কাৱৈমাৰী বন শিবিৰ এলেকাত উদ্ধাৰ হোৱা মৃত মাইকী গঁড়জনী যোৱা সোমবাৰে চোৰাং চিকাৰীয়ে নিধন কৰিছিল বুলি বিভাগীয় সূত্ৰত প্ৰকাশ৷

যোৱা সোমবাৰে কাজিৰঙাত বনকৰ্মীৰে হোৱা সংঘৰ্ষত নিহত চোৰাংচিকাৰীগৰাকীৰ দলটোৱে এই গঁড়জনী হত্যা কৰা বুলি বন বিভাগে দাবী কৰিছে।

সংঘৰ্ষটোত চোৰাং চিকাৰীগৰাকী নিহত হোৱাৰ লগতে খড়গ, ৩০৩ ৰাইফল আৰু গুলী বাৰুদ উদ্ধাৰ হৈছিল৷

সংঘৰ্ষটোৰ পাছত মৃত গঁড় আৰু চোৰাং চিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল বনকৰ্মীয়ে৷