NORTHEAST NOW (Assamese)

কাজিৰঙাৰ গঁড় হত্যাত জড়িত চোৰাংচিকাৰী গ্ৰেপ্তাৰ : আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ অস্ত্ৰ-শস্ত্ৰ

February 16, 2018 10:55 am · উত্তম শইকীয়া

কাজিৰঙাৰ পলকতা চাপৰিত যোৱা ১১ ফেব্ৰুৱাৰীত সংঘটিত গঁড় হত্যাৰ লগত জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী নুৰ হকক ১৫ ফেব্ৰুৱাৰীত বন বিভাগে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ পিছতে নিশা চিকাৰীজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে  ভালে সংখ্যক অস্ত্ৰ শস্ত্ৰ৷

উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা , জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল কুমাৰ দাস আৰু বৰগাং আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনবিভাগৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ বৰ জাৰণি অঞ্চলৰ পৰা চোৰাং চিকাৰী নুৰ হকক গ্ৰেপ্তাৰ কৰিছিল৷

গ্ৰেপ্তাৰৰ পিছতে বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত চলাই যোৱা নিশা নুৰ হকৰ চিলামাৰীত থকা বাসগৃহৰ সমীপৰ পৰাই চাইলেঞ্চাৰ সহ এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু ৩২ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷ আমালৈ অহা শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ধৃত চোৰাং চিকাৰীজনৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়ে যে গঁড় হত্যাৰ পিছৰ পৰাই নুৰ হকে বৰ জাৰনিত থকা নিজৰ ভগ্নীৰ ঘৰত আত্মগোপন কৰি আছিল৷

উল্লেখযোগ্য যে ৰাজ্যৰ বন বিভাগ আৰু আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা বন্য প্ৰাণী সমূহক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে যদিও নুৰ হকৰ দৰে হত্যাকাৰীৰ গ্ৰেপ্তাৰ ৰাজ্যৰ প্ৰকৃতি প্ৰেমীৰ বাবে কিছু আশা ব্যঞ্জক খবৰ।

Related News