NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ দিৰিং চাৰিআলিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত

Posted by: এন ই নাও নিউজ April 17, 2018 4:47 pm

মঙলবাৰে কাজিৰঙাৰ ৰাজপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে মঙলবাৰে দিনৰ প্ৰায় ১ বজাত কাজিৰঙাৰ দিৰিং চাৰিআলিত এখন তীব্ৰ বেগী ৱেগনাৰৰ খুন্দাত এজন লোক নিহত হয়।

পথৰ দাঁতিত ৰৈ থকা অৱস্থাত তীব্ৰ বেগী ৱেগনাৰ খনে খুন্দা মৰাত নিহত হোৱা লোকজন দিৰিং চাৰিআলিৰ নিৱাসী নিগ্ৰো ৰাজবংশী(৪০) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে নগাঁৱৰ পৰা যোৰহাট অভিমুখে এ এছ ০৩ এম ৪২৬৭ নম্বৰৰ ৱেগনাৰখন আহি আছিল।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ ১০৮ ক স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতো এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ক্ষুব্ধ হৈ পৰে। ইয়াৰ পিছতে দুৰ্ঘটনা সংঘটিত কৰা ৱেগনাৰখনৰ পুৰুষ আৰু মহিলাগৰাকী পলাই সাৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।