NORTHEAST NOW (Assamese)
অসম

কামাখ্যা ৰে’ল ষ্টেইশ্যনত বৃহৎ পৰিমাণৰ গাঁজা জব্দ : আৰ পি এফে আটক কৰিলে ৫ জনক

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: December 2, 2017 3:25 pm
কামাখ্যা ৰে’ল ষ্টেইশ্যনত বৃহৎ পৰিমাণৰ গাঁজা জব্দ : আৰ পি এফে আটক কৰিলে ৫ জনক

গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেইশ্যনৰ পৰা আজি ৰাতিপুৱা ৰে’ল সুৰক্ষা বাহিনী এক বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰিবলৈ সক্ষম হৈছে। ৰে’ল সুৰক্ষা বাহিনীয়ে আগৰতলাৰ পৰা গুৱাহাটী হৈ আগ্ৰালৈ লৈ যোৱাৰ পথত চোৰাংবেপাৰী কেইজনৰ পৰা ১০ বেগ অনা এই গাঁজাখিনি জব্দ কৰে। সুৰক্ষা বাহিনীটোৱে এই সন্দৰ্ভত দুগৰাকী মহিলাকে ধৰি মুঠ পাঁচগৰাকী লোকক আটক কৰিছে। আটক কৰা ব্যক্তি কেইগৰাকীক যুগ ত্ৰিপুৰা, বিক্ৰম ত্ৰিপুৰা, অমিত দেৱ বাৰ্মা, সংগীতা দেৱ বাৰ্মা আৰু সীমা দেৱ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে।