NORTHEAST NOW (Assamese)

কালিয়াচহৰ আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ অবৈধ দেশীয় সুৰা জব্দ, কাৰখানা ধ্বংস

May 30, 2018 7:06 pm · পান্না ঘোষ
Updated: May 31, 2018 6:46 am

কালিয়াচহৰ মহকুমা আৰক্ষী বিষয়া বুদ্ধ দেববৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিপ্লব দেবৰ যুটীয়া উদ্যোগত এটা বৃহৎ দেশীয় সুৰাৰ কাৰখানা এটা ধ্বংস কৰা হয়।

উল্লেখ্য যে এই দেশীয় সুৰাৰ বৃহৎ কাৰখানাটো কালিয়াচহৰ আৰক্ষী থানাৰ পৰা ১৫ কি: মি: দূৰত অৱস্থিত।

উমা দেৱী নামৰ এগৰাকী মহিলাই সুদীৰ্ঘদিন ধৰি অবৈধ দেশীয় সুৰাৰ ব্যৱসায় চলাই আহিছিল। দৈনিক এইগৰাকী মহিলাই অতি কমেও ১০০০ লিটাৰ দেশীয় সুৰা বিক্ৰি কৰি আহিছে বুলি জানিব পৰা গৈছে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কালিয়াচহৰ আৰক্ষীয়ে উমা দেৱীৰ ঘৰত তালাচী চলায় আৰু ওচৰতে থকা গুদাম এটাৰ পৰা অতি কমেও ৫,০০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰে।

বিগত সময়চোৱাতো এই বে-আইনী দেশীয় সুৰাৰ ব্যৱসায়ৰ সন্দৰ্ভত তথ্য লাভ কৰা হৈছিল যদিও আৰক্ষী প্ৰশাসনে এই বে-আইনী ব্যৱসায় ধ্বংস কৰাৰ বাবে কোনো উদ্যোগ গ্ৰহণ কৰা হোৱা নাছিল যদিও শেহতীয়াকৈ পৰিস্থিতি পৰিৱৰ্তন হোৱাটো লক্ষ্য কৰা গৈছে।

Related News