NORTHEAST NOW (Assamese)

কাৰাগাৰৰ পৰা ওলাল অখিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আন্দোলনত নমাৰ অংগিকাৰ

December 27, 2017 5:47 pm · এন ই নাও নিউজ
Updated: December 27, 2017 6:15 pm

বুধবাৰে গোৱালাপাৰা জেইলৰ পৰা ওলায়েই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। গগৈয়ে গোৱালাপাৰাত সংবাদ মাধ্যমৰ আগত কয়, ‘বৰ্তমান অসমত কোনো গণতন্ত্ৰ নাই। বিজেপি চৰকাৰে মোৰ বিৰুদ্ধে জাপি দিয়া গোচৰ সমূহৰ কোনো ভিত্তি নাই। সৰ্বানন্দ সোণোৱাল আজি দিল্লীৰ পুতলা। সৰ্বানন্দ আৰু হিমন্ত দুয়ো দিল্লীক সন্তুষ্ট কৰাৰ বাবে কাম কৰিছে। ১০৫ দিন জেইলত কটোৱাৰ পিছত আজি গোৱালপাৰা জেইলৰ পৰা ওলাই অহা অখিল গগৈক কৃষক মুক্তিৰ কৰ্মী তথা তেওঁৰ সমৰ্থক সকলে উষ্ণ আদৰণি জনায়। উল্লেখযোগ্য যে মৰাণত এক জনসভাত দিয়া এক ভাষণৰ পিছতে যোৱা ২৩ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে গগৈক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। গগৈয়ে কয়, ‘জেইলৰ পৰা মুক্তি পাই আনন্দিত হৈছো। বিজেপিয়ে মোৰ বিৰুদ্ধে জাপি দিয়া গোচৰ সমূহ সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু সেয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত মোক গ্ৰেপ্তাৰ কৰিব খোজাতো গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰি দিছে। কৃষক মুক্তিৰ নেতাজনে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত তেওঁক বন্দী কৰাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ অধিবক্তাৰ আবেদন শুনাৰ পিছত তেওঁক মুকলি কৰি দিয়ে। সেই দৰে গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশে দুধনৈৰ গোচৰটোৰ শুনানিৰ পিছত গগৈক জামিন প্ৰদান কৰে। অখিল গগৈয়ে কয়, ‘অসম চৰকাৰে আলফা আৰু মাওবাদীৰ লগত মোৰ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি মোৰ ওপৰত  ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিছিল। কিন্তু চৰকাৰে ন্যায়ালয়ত এটাও সাক্ষ্য প্ৰমাণ দাখিল কৰিব নোৱৰাত ন্যায়ালয়ে মোক মুকলি কৰি দিলে।’ তেওঁ লগতে হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাছ কৰিব খোজা নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ অংগীকাৰ কৰে। এই সন্দৰ্ভত তেওঁ কয়, ‘নাগৰিকত্ব বিধেয়কখন সংশোধন কৰি বিজেপিয়ে অসমৰ হিন্দু-বাংলাদেশী সংস্থাপিত কৰিব খুজিছে। কিন্তু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ধৰ্মৰে কোনো বিদেশীকে আমি সহ্য নকৰোঁ। আমি নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰিব খোজাৰ বিৰোধিতা কৰি যাম।’ তেওঁ লগতে কয় যে সৰ্বানন্দ সোণোৱাল নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈহে অসমৰ জাতীয় নায়ক। তেওঁ লগতে অভিযোগ কৰে যে আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তেওঁক আৰক্ষীয়ে নৃশংস অত্যাচাৰ চলাইছিল।

Related News