NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত মোবাইল বিস্ফোৰণ ঘটি নৱম শ্ৰেণীৰ ছাত্ৰ আহত

Posted by: এন ই নাও নিউজ April 1, 2018 4:24 pm
প্ৰতিনিধিত্বমূলক ফটো

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত ঠেছ’বিলত এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ পকেটতে মোবাইল বিস্ফোৰণ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মোবাইল বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হয় নৱম শ্ৰেণীৰ ছাত্রজন।

প্ৰাপ্ত তথ্য মতে খেৰণিৰ ঠেছ’বিল গাঁৱৰ প্ৰয়াত আন্দ্ৰেশ হাঞ্চেৰ পুত্ৰ অলবাৰ্ট হাঞ্চে নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনে এটা চেমছাং মোবাইল পেন্টৰ পকেটত লৈ চোতালত থিয় হৈ আছিল। সেই সময়তে মোবাইলটো ফটকা ফুটাৰ দৰে ফুটাত ছাত্ৰ জনে হুৱা-দুৱা লগাই।

মোবাইলটো ফুটাত ছাত্ৰজনৰ পেণ্টত জুই লাগিবলৈ আৰম্ভ কৰাৰ সময়তে পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে জুই নুমুৱাই যদিও ছাত্ৰজনে সোঁ-ভৰি কিছু পৰিমাণে অগ্নিদগ্ধ হয়।

ফলত ছাত্ৰজনক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত প্ৰায়ে মোবাইল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে।