NORTHEAST NOW (Assamese)
ছিকিম

মুখ্য মন্ত্ৰী পৱন চামলিঙে উদ্বোধন কৰিলে ৰাজ্যখনৰ প্ৰথমটো জি এছ টি পৰামৰ্শ সেৱা কাৰ্যালয়  

Posted by: এন ই নাও নিউজ April 1, 2018 4:14 pm
pawan singh chamling

শণিবাৰে ছিকিমৰ গেংটক চহৰত ৰাজ্যখনৰ প্ৰথমটো গুডছ এণ্ড চাৰ্ভিচেজ টেক্স চমুকৈ জি এছ টি পৰামৰ্শ সেৱা কাৰ্যালয় উদ্বোধন কৰে মুখ্য মন্ত্ৰী পৱন সিঙ চামলিঙে

উদ্বোধনী অনুষ্ঠানৰ সময়তে উক্ত জি এছ টি পৰামৰ্শ সেৱা কাৰ্যালয়টো আৰম্ভ কৰা ১৮ গৰাকী যুৱকক মুখ্য মন্ত্ৰী চামলিঙে শুভেচ্ছা প্ৰদান কৰে।

ইয়াৰ উপৰি জি এছ টি সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱাৰ লগতে যুৱকসকলক যাতে আকৃষ্ট কৰিব পাৰে তাৰ বাবে এই দলটোক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্য মন্ত্ৰী চামলিঙে ৰাজ্যখনৰ যুৱ প্ৰজন্মই এনেধৰণৰ নতুন আৰু প্ৰগতিশীল উদ্যোগ গ্ৰহণ কৰা বাবে সন্তুষ্টি প্ৰকাশ কৰে। তাৰোপৰি এনেধৰণৰ উদ্যোগৰ বাবে নতুন নতুন আঁচনিসমূহ সম্পূৰ্ণ সফলতা অৰ্জন কৰিব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত নতুন নতুন ধাৰণাৰে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহৰো সঠিক ব্যৱহাৰ কৰিবলৈ চামলিঙে যুৱ প্ৰজন্মক অনুৰোধ জনায়।

উল্লেখযোগ্য যে উক্ত জি এছ টি কাৰ্যালয়টোত সাধাৰণ পঞ্জীকৰণৰ লগতে কৰ পৰিশোধ আৰু পেমেণ্ট সেৱাৰ লগতে সকলো ধৰণৰ জি এছ টি সম্পৰ্কীয় কথা জানিবলৈ পোৱা যাব।