NORTHEAST NOW (Assamese)
অৰুণাচল

কিৰেন ৰিজিজু আৰু হিমন্ত নিৰ্বাচনী পৰ্য্যৱেক্ষক নিযুক্ত

Posted by: এন ই নাও নিউজ December 23, 2017 9:57 pm

বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুক নাগালেণ্ডৰ নিৰ্বাচনী পৰ্য্যৱেক্ষক আৰু অসমৰ স্বাস্থ্য, শিক্ষা, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ত্ৰিপুৰাৰ নিৰ্বাচনী পৰ্য্যৱেক্ষক হিচাপে দায়িত্ব দিছে। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যতে অহা বছৰৰ প্ৰথম ভাগতেই নিৰ্বাচন অনুষ্ঠিত হ’ব। নাগালেণ্ডত সম্প্ৰতি বিজেপিৰ মিত্ৰ দল এন পি পিৰ চৰকাৰ থকাৰ বিপৰীতে ত্ৰিপুৰাত আছে মানিক সৰকাৰৰ নেতৃত্বৰ চি পি আই (এম)ৰ চৰকাৰ। ত্ৰিপুৰাত ৰাজনৈতিক কূটকৌশলত সিদ্ধ মন্ত্ৰী হিমন্ত বিশ্বক দলে নিৰ্বাচনী পৰ্য্যৱেক্ষক নিযুক্তি দিয়াটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আনহাতে আন এটা সূত্ৰই জনোৱা মতে নিখিল ভাৰত বাঙালী যুৱ আৰু ছাত্ৰ ফেডাৰেইশ্যনে নাগৰিকত্ব সংশোধনী বিল কাৰ্য্যকৰী কৰিবলৈ আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ দাবী লৈ প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা।
‘আমি বিলখন সমৰ্থন কৰাৰ লগতে ভাৰতলৈ অহা বাঙালী হিন্দুসকলক নাগৰিকত্ব দিয়াটো বিচাৰো। আমি ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা সকলক শৰণাৰ্থীৰ মৰ্য্যাদা দিয়াটো সমৰ্থন নকৰো। ফেডাৰেইশ্যনৰ সভাপতি মহানন্দ সৰকাৰ দত্তই কয়। জানিব পৰা মতে কালি ফেডাৰেইশ্যনটোৱে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যলয়ক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ দিয়ে।