NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ পৰ্য্যটন খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ ৫৪৫.৩৪ কোটি টকাৰ অনুমোদন

Posted by: এন ই নাও নিউজ December 23, 2017 9:39 pm
উত্তৰ-পূবৰ পৰ্য্যটন খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ ৫৪৫.৩৪ কোটি টকাৰ অনুমোদন

কেন্দ্ৰই উত্তৰ-পূবৰ পৰ্য্যটন খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে ৫৪৫.৩৪ কোটি টকাৰ অনুমোদন দিছে। হেৰিটেইজ চাৰ্কিট প্ৰজেক্টৰ অধীনত অসমৰ তেজপুৰ, মাজুলী শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰৰ উন্নয়নৰ বাবে ইতিপূৰ্বে ৯৮.৩৫ কোটি টকা অনুমোদন কৰা হৈছে। একেদৰে স্বদেশ দৰ্শন স্কীমৰ অধীনত ৯৯.১৩ কোটি টকা অনুমোদন কৰা আছে মেঘালয়ৰ বাবে। মণিপুৰ, ছিকিম, নাগালেণ্ড আৰু মিজোৰামৰ বাবে ক্ৰমে ৫৩.৮০ কোটি, ৯৫.৩২ কোটি, ৯৯.৬৭ কোটি আৰু ৯৯.০৭ কোটি টকাৰ অনুমোদন কৰা আছে। অৱশ্যে পৰ্য্যটন মন্ত্ৰ্যালয়ে সংশ্লিষ্ট ৰাজ্যবোৰৰ চৰকাৰে দাখিল কৰা প্ৰকল্পলৈ আঁচনিৰ নিয়ম-নীতি অনুসৰি কেন্দ্ৰীয় বিত্তীয় সাহায্য আগ বঢ়ায়।

‘আঠখন ৰাজ্যৰে গঠিত উত্তৰ-পূবত পৰ্য্যটকসকলৰ বাবে বহু বৈচিত্ৰ্যৰ সমল আছে। এতিয়ালৈকে বহুখিনি প্ৰচাৰ পাবলৈ বাকী থকা ভাৰতৰ এই অংশটোত প্ৰতিটো খণ্ডৰ ক্ষেত্ৰতে অনেক সম্ভাৱনা আছে। পৰ্য্যটন ক্ষেত্ৰই ইয়াৰ পৰা বহুত কিবাকিবি পাবা পাৰে। এজন বিষয়াই এইদৰে কয়।