NORTHEAST NOW (Assamese)
অসম

২২ ডিচেম্বৰত মোদীয়ে কৰিব ৰাম মন্দিৰ উদ্বোধন, ৰাহুল গান্ধীয়ে কৰিব বৰদোৱা ভ্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2024 9:19 pm
ram mandir rahul gandhi bharat jodo nyay yatra

অহা ২২ ডিচেম্বৰত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ তৎপৰ হৈ পৰিছে বিজেপি।

আনহাতে একে সময়তে বিৰোধী দল কংগ্ৰেছে অব্যাহত ৰাখিছে ভাৰত জোড়ো ন্যায় যাত্ৰা।

ৰাম মন্দিৰ উদ্বোধনৰ উদ্দেশ্যে যোৱা কিছুদিনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পালন কৰিছে ধৰ্মীয় ৰীতি-নীতি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ সমগ্ৰ বিজেপি দলেই উক্ত দিনা অযোধ্যাত এই ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

আনহাতে উক্ত দিনাই ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ অধিকাংশ জ্যেষ্ঠ নেতৃত্বই অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ বটদ্ৰৱা থান ভ্ৰমণ কৰিব।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আজি এই কথা সদৰী কৰিছে।