NORTHEAST NOW (Assamese)
Uncategorized

অসন্তুষ্টি! ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে নাগা সন্তসকলো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2024 8:48 pm
Ram Mandir

সোমবাৰে অযোধ্যাত উদ্বোধন হ’ব ৰাম মন্দিৰৰ। এই উপলক্ষে ৰাম ভক্ত তথা হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। পিছে তাৰ সমান্তৰালকৈ এই অনুষ্ঠানক লৈ সৃষ্টি হৈছে বিতৰ্কৰো।

হিন্দু ধৰ্মাৱলম্বী বহু সাধু-সন্যাসীয়ে ৰাম মন্দিৰৰ এই অনুষ্ঠানক লৈ তীব্ৰ ক্ষোভ তথা অসন্তুষ্টি প্ৰকাশ কৰিছে। ইতিমধ্যে চাৰিওগৰাকী শংকৰাচাৰ্যই এই অনুষ্ঠানৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অনুষ্ঠানত উপস্থিত নাথাকে বুলি ঘোষণা কৰিছে।

শংকৰাচাৰ্যসকলৰ পিছতে নাগা সন্তসকলেও ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ অগ্ৰাহ্য কৰিছে। কিছু্দিন পূৰ্বে গংগাসাগৰ মেলাৰ পূৰ্বে অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নাগা সন্তসকলক নিমন্ত্ৰণ জনোৱা হৈছিল।

কিন্তু নিমন্ত্ৰণ পোৱাৰ পিছতো সন্ত সম্প্ৰদায়ে যথোচিত সন্মান লাভ কৰা নাই বুলি অনুভৱ কৰে। লগতে চাৰি মঠৰ শংকৰাচাৰ্যৰ প্ৰতিও কোনো সন্মান নাই বুলি নাগা সন্তসকলে ক্ষোভ প্ৰকাশ কৰে।

সেয়ে নাগা সন্তসকলে অযোধ্যাৰ ৰাম মন্দিৰ অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত লয়। য’ত সন্ত সম্প্ৰদায়ক সন্মান কৰা নহয়, তাত নাগা সন্ত নাথাকে বুলি উল্লেখ কৰে নাগা সন্তসকলে।

তেওঁলোকে লগতে কেইবাটাও বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে।