NORTHEAST NOW (Assamese)

কুমাৰঘাটত যক্ষ্মা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা অনুষ্ঠান আয়োজন

March 23, 2018 6:46 pm · পান্না ঘোষ

শনিবাৰে হ’ব লগীয়া যক্ষ্মা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে কুমাৰঘাটত এক সজাগতা অনুষ্ঠান আয়োজন কৰা হয়।

সজাগতা অনুষ্ঠানটো কুমাৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিলা স্বাস্থ্য ব্যৱস্থাপনা আৰু এন জি অ’ পুস্পৰাজ ক্লাবৰ সহযোগত অনুষ্ঠিত কৰা হয়।

সজাগতা অনুষ্ঠানটোত প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। লগতে ছাত্ৰ-ছাত্ৰী সকলে স্থানীয় লোক সকলৰ মাজত যক্ষ্মা ৰোগৰ সজাগতাৰ উদ্দেশ্যে এক ৰেলী বাহিৰ কৰে। ৰেলীটোত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ প্লেকাৰ্ড, বেনাৰ আৰু প’ষ্টাৰৰ জৰিয়তে যক্ষ্মা ৰোগৰ সজাগতাৰ ক্ষেত্ৰত এক বাৰ্তা প্ৰেৰণ কৰে।

এই বৰ্ষত ২৪ মাৰ্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰা হ’ব। যাতে সৰ্বসাধাৰণ লোকৰ মাজত যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সজাগ কৰিব পাৰি। যিহেতু প্ৰতি বৰ্ষতে মহামাৰী ৰূপ ধাৰণ কৰা যক্ষ্মা ৰোগৰ ফলত প্ৰায় ১.৩০ লাখ লোক মৃত্যুৰ মুখত পৰে।

Related News