NORTHEAST NOW (Assamese)
অসম

কুসংস্কাৰ : বিশ্বনাথৰ ছোৱাগুৰীত নিশা গোপনে সম্পন্ন হ’ল বাল্য বিবাহ

Posted by: কাজি জেইদুল ইছলাম June 23, 2018 11:13 am
বিশ্বনাথত বাল্য বিবাহ

ৰাজ্যত পুনৰ সংঘটিত হ’ল বাল্য বিবাহৰ ঘটনা। যোৱা নিশা বিশ্বনাথৰ চোৱাগুৰীত সম্পন্ন হ’ল এই বাল্য বিবাহ। অতি গোপনে  ১৪ বছৰীয়া কন্যাৰ লগত সামাজিকভাৱে বিবাহ সম্পন্ন হ’ল ১৭ বছৰীয়া দৰাৰ।

ঘটনা অনুসৰি গোৱালতলীৰ ১৪ বছৰীয়া কিশোৰী গৰাকী কেইদিন মান পূৰ্বে পিতৃ মাতৃৰ সৈতে ছোৱাগুৰীৰ আব্দুল খালেক নামৰ মোমায়েকজনৰ ঘৰলৈ আহিছিল। মোমায়েকৰ ঘৰৰ ওচৰৰে আবু চালাম নামৰ লোকজনৰ ১৭ বছৰীয়া পুত্ৰৰ লগত শুকুৰবাৰে নিশা গোপনে ঘৰৰ ভিতৰতে এই বিবাহ সম্পন্ন কৰা হয়।

জানিব পৰা মতে আনকি ঘৰৰ ওচৰৰ বহু লোকেও গম পোৱা নাছিল এই বিবাহৰ কথা। বিবাহ সম্পন্ন কৰা কাজী (সদৰ কাজী)  আৰু মৌলানাক দেখা পাইহে ওচৰৰ লোকে সমগ্ৰ ঘটনা গম পায়। আইন বিৰুদ্ধ এই বিবাহ নাবালকদ্বয়ৰ দুইৰ পিতৃৰ সন্মতিত অনুষ্ঠিত হৈছিল।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নিকাহৰ পিছতে মাজনিশা চোৱাগুৰীত আহি উপস্থিত হয় বিশ্বনাথ আৰক্ষীৰ দল। আৰক্ষীয়ে নাবালক দৰাৰ ঘৰৰ পৰা আটক কৰে নাবালক দৰা-কন্যাসহ দুয়োৰে পিতৃ ক্ৰমে আবু চালাম আৰু নছিৰুদ্দিন আলিক। আবু চালাম আৰু নছিৰুদ্দিন আলিয়ে পলায়নৰ চেষ্টা কৰিছিল যদিও ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে নিশাই দৰা-কন্যাসহ দুই পিতৃক আটক কৰি থানালৈ আনে।

সম্প্ৰতি অভিযুক্ত সকলক বিশ্বনাথ চাৰিআলি থানাত ৰখা হৈছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।