NORTHEAST NOW (Assamese)
অসম

দেবজিত-প্ৰকান্তই বিজেপি দলত যোগদানৰ প্ৰচেষ্টা চলাইছে : ডিমা হাচাও জিলা বিজেপি সভাপতি

Posted by: পংকজ কুমাৰ দেব June 23, 2018 10:45 am
1529726948036_Debojeet Thaosen

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু  চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাখনত নির্বাচনী উত্তাপ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ৩ জুনত পাৰ্বত্য পৰিষদৰ কাৰ্যকাল অন্ত পৰাৰ পিছত ইতিমধ্যে ৰাজ্যপালে ছ’মাহৰ কাৰণে কাৰ্যকাল বৃদ্ধি কৰিছে।

ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ (অগপ) ডিমা হাচাও জিলাত কিন্তু বিজেপিৰ বিৰোধী হিচাপে পৰিষদত অধিষ্ঠিত হৈ আছে ।

তাৎপৰ্যপূৰ্ণভাৱে, অগপ আৰু বিজেপিয়ে পৰস্পৰৰে সমালোচনাত ব্যস্ত থকা সময়তে হঠাৎ অগপ দলে স্থিতি পৰিবৰ্তন কৰা পৰিলক্ষিত হৈছে। ৰাজ্যপালে বিজেপি শাসিত পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সময়ত সেয়েহে অগপ নিমাত হৈ আছে।

Prakanta Warisa,Ex MP
অগপৰ প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা। ফটো: পংকজ কুমাৰ দেব

উল্লেখযোগ্য যে যোৱা ২১ মে তাৰিখে হাফলঙৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছিল অগপ দলৰ প্ৰাক্তন চিইএম দেবজিত থাউচেন,প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা, হাফলং জিলা অগপ সভাপতি বকুল বড়ো আদি শীৰ্ষ নেতা।

ইয়াৰ পিছত পৰিষদৰ কাৰ্যকাল বৃদ্ধি হোৱাৰ পিছতো দেবজিত, প্ৰকান্ত, বকুল বড়ো আদি নেতা নিমাত হৈ আছে। জানিব পৰা মতে অগপৰ ডিমা হাচাওৰ নেতৃত্বই ৰাজ্যত থকাৰ দৰে ডিমা হাচাওতো মিত্ৰতা কৰিবলৈ সাজু হৈছে।

মাথোঁ ইমানেই নহয়, অগপ দল ত্যাগ কৰা মাইবাঙ অগপ আঞ্চলিক কমিটিৰ সভাপতি সমীৰ থাউচেনে অভিযোগ আনিছে যে অলপতে গুৱাহাটীত অগপৰ এখন বৈঠকত নেডাৰ আহ্বায়ক মন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মাই অংশ লয়।

উক্ত বৈঠকত অগপৰ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাহিৰে ডিমা হাচাও অগপৰ শীৰ্ষ নেতাদ্বয় ক্ৰমে দেবজিত থাউচেন আৰু প্ৰকান্ত ৱাৰিচা উপস্থিত আছিল।

Nipolal Hojai President Dima Hasao BJP (1)
ডিমা হাচাও জিলা বিজেপি সভাপতি নিপ’লাল হোজাই। ফটো: পংকজ কুমাৰ দেব

বৈঠকত স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সংক্ৰান্তত আলোচনা কৰা হয়। সেই বৈঠকত মিত্ৰতা প্ৰসংগ উত্থাপিত হোৱাত দেবজিত-প্ৰকান্তই মৌন থাকি এনে প্ৰস্তাৱক প্ৰকাৰন্তৰে সমৰ্থন দিয়ে।

উক্ত বিষয় সম্পৰ্কত হাফলং জিলা অগপৰ সভাপতি বকুল বড়োক সোধাত তেওঁ এই বিষয়ে একো নাজানে বুলি কোৱাৰ লগতে নৰ্থ ইষ্ট নাওক কয়, ‘আমি বিজেপি দলৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰা নাই।‘ কিন্তু পৰিষদৰ কাৰ্যকাল বৃদ্ধিৰ বি,য়টোলৈ আদালতত গোচৰ তৰিবলৈ গৈ কিয় অগপ নেতা সকলে অন্তিম মুহুৰ্তত গোচৰ প্ৰত্যাহাৰ কৰিলে বুলি সোধাত বড়োৱে কয় যে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে গোচৰতো তৰিছে।

দৰাচলতে অগপ নেতা বকুল বড়োই সদুত্তৰ দিয়াত ব্যৰ্থ হোৱাৰ লগতে পৰোক্ষভাৱে বিজেপিৰ সৈতে তেওঁলোকৰ মিত্ৰতাত যে আপত্তি নাই সেই কথা স্পষ্ট হৈ পৰিছে।

মিত্ৰতা প্ৰসংগত ডিমা হাচাও জিলা বিজেপি সভাপতি নিপ’লাল হোজাইৰ মতামত বিচৰাত তেওঁ কয়, ‘ৰাজ্যৰ আৰ্হিত ডিমা হাচাও অগপৰ সৈতে বিজেপি দলৰ মিত্ৰতাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। বিজেপি দলে অকলেই পৰিষদ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।‘

হোজাইয়ে লগতে কয় যে অগপ নেতা তথা প্ৰাক্তন চিইএম দেবজিত থাউচেন আৰু প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা বিজেপি দলত যোগদানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু অগপৰ আন নেতা কৰ্মীৰ কাৰণে বিজেপিৰ দুৱাৰ খোলা আছে যদিও দেবজিত-প্ৰকান্তৰ কাৰণে চিৰদিনৰ বাবে এই দুৱাৰ বন্ধ বুলি কটাক্ষ কৰে জিলা বিজেপি সভাপতি গৰাকীয়ে।