NORTHEAST NOW (Assamese)

কৃষক নেতা অখিল গগৈৰ লগতে সহকৰ্মী নগেন শইকীয়াৰ বিৰুদ্ধেও বোকাখাত থানাত এজাহাৰ দাখিল দুলাল বৰাৰ

March 16, 2018 9:25 am · উত্তম শইকীয়া

জালিয়াতিৰে কৃষক নেতা অখিল গগৈ আৰু দূৰ্গাপুৰ গাওঁৰ কৃষক নগেন শইকীয়াৰ লগতে বৰপেটা নাৰ্চাৰী নামৰ প্ৰতিষ্ঠানে চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগৰ তদন্ত বিচাৰি বৃহস্পতি বাৰে বোকাখাত থানাত আন এক এজাহাৰ দাখিল কৰিছে খানাপাৰাৰ কইনাধৰা তিনি আলিৰ নিৱাসী দুলাল বৰাই ৷

বোকাখাত থানাত এজাহাৰ দাখিলৰ পাচত দুলাল বৰাই এইয়া অখিল গগৈৰ জাতীয় অৰ্কিড উদ্যানৰ কেলেংকাৰীৰ বিৰুদ্ধে পঞ্চম গোচৰ বুলি মন্তব্য কৰি অচিৰেই তেওঁ জাতীয় অৰ্কিড উদ্যানখনত অসম চৰকাৰৰ গড়কপ্তানি বিভাগ আৰু জলসিঞ্চন বিভাগৰ চৰকাৰী ধন নীতিবিৰুদ্ধ ভাৱে ব্যয় কৰাৰ অভিযোগত ষষ্ঠটো গোচৰ ৰজু কৰিব বুলিও মন্তব্য কৰে ৷

বৃহস্পতি বাৰে বিয়লি দুলাল বৰাই দাখিল কৰা এজাহাৰখনৰ মতে কাজিৰঙা মৌজাৰ হালোৱা এ চি নামৰ চৰকাৰী ভূমিৰ ১৭১ আৰু ৩৯৮ দাগৰ ১৬ বিঘা ৩ কঠা ১৩ লোচা মাটিত নগেন শইকীয়া নামৰ লোকজনৰ ” বিগ নাৰ্চাৰী” নামৰ উদ্যানৰ উপৰিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানো আছে ৷

এজাহাৰত উল্লেখ কৰা মতে উক্ত ভূমিত নগেন শইকীয়া স্থাপন কৰা ” বিগ নাৰ্চাৰী “ৰ নামত কৃষি বিভাগৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ পৰা নগেন শইকীয়াই ৫০ শতাংশ ৰেহাই মূল্যত ২৫ লাখ টকাৰ অনুদান আদায় কৰে ৷ ইয়াৰ বিপৰীতে নগেন শইকীয়াই বৰপেটা নাৰ্চাৰীৰ পৰা লাখ লাখ টকাৰ পুলি ক্ৰয় কৰাৰ ভূৱা বিল কৃষি বিভাগত জমা দি সমুদায় ধন আত্মসাত কৰা বুলি এজাহাৰত দুলাল বৰাই উল্লেখ কৰিছে ৷

আনহাতে,  দুলাল বৰাৰ এজাহাৰৰ বিপৰীতে বিগ নাৰ্চাৰীৰ স্বত্বাধিকাৰী নগেন শইকীয়াই দুলাল বৰাৰ অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁ নাৰ্চাৰীৰ বাবে অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ পৰা ১২ লাখ ৫০ হেজাৰ টকাৰ ৰাজ সাহায্য লাভ কৰিছিল ৷

২০১৫ চনত তেওঁলোকৰ গাওঁত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্কিড উদ্যান গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁৰ নাৰ্চাৰীৰ দুবিঘা মাটিও অৰ্কিড উদ্যানৰ বাবে দান দিয়ে আৰু নিজেও অৰ্কিড পাৰ্কৰ এজন সদস্য হোৱা বুলি সংবাদ মাধ্যমক জনায় নগেন শইকীয়াই ৷

অভিযোগকাৰী দুলাল বৰাই বৰপেটা নাৰ্চাৰীৰ মালিকক ধন দাবী কৰা বুলি উল্লেখ কৰি নগেন শইকীয়াই অচিৰেই দুলাল বৰাৰ ওপৰত মান হানি গোচৰ তৰিব বুলিও ঘোষণা কৰিছে ৷

Related News