NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উত্তৰ পূৰ্বাঞ্চলত ভ্ৰাম্যমান বিমান চিকিৎসা সেৱাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

Posted by: এন ই নাও নিউজ January 1, 2018 5:38 pm
উত্তৰ পূৰ্বাঞ্চলত ভ্ৰাম্যমান বিমান চিকিৎসা সেৱাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম এলেকা সমূহত ভ্ৰাম্যমান বিমান চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। জানিব পৰা অনুসৰি চৰকাৰে অঞ্চলটোত এনে দুটা চিকিৎসা কেন্দ্ৰ শুভাৰম্ভ কৰাৰ বাবে ৮০-১০০ কোটি টকা আবন্তন কৰাৰ সিদ্ধান্ত লৈছে। শ্বিলং আৰু ইম্ফলৰ পৰা চলিব লগীয়া প্ৰস্তাৱিত চিকিৎসা কেন্দ্ৰ দুটাই অসমৰ বাহিৰে উত্তৰ- পূবৰ সকলো ৰাজ্যতেই সেৱা প্ৰদান কৰিব।

প্ৰকল্পটোৰ সম্পৰ্কে এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে -‘ভ্ৰাম্যমান বিমান চিকিৎসা সেৱা প্ৰদানৰ বাবে অনুৰোধ জনোৱা পৱন হন্স প্ৰস্তাৱিত আঁচনি খনৰ প্ৰথমখন সভাত উপস্থিত থকাৰ লগতে উক্ত পৰিকল্পনাটোকো ই প্ৰশংসা কৰে’। পৱন হন্সে তৈয়াৰ কৰা প্ৰকল্প প্ৰতিবেদন অনুসৰি অঞ্চলটোৰ ৬ খন ৰাজ্যত দুখন হেলিক’প্তাৰৰ দ্বাৰা চলিব লগীয়া ভ্ৰাম্যমান বিমান চিকিৎসা সেৱাৰ বাবে প্ৰত্যেক মাহে ১.৮৭ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখযোগ্য যে দুৰ্ঘটনা, ভূমিস্খলন, ভূমিকম্প তথা বানপানী আদিত তৎকালীন চিকিৎসা সেৱা প্ৰদানৰ উপৰি হেলিকপ্তাৰ দুখনে দুৰ্গম স্থানৰ ৰোগী সকলক নগৰৰ চিকিৎসালয়লৈ আনিবলৈ বিমান এম্বুলেঞ্চ হিচাপেও কাম কৰিব।