NORTHEAST NOW (Assamese)

কোনে কয় মন্দিৰত ঈশ্বৰ থাকে? বশিষ্ঠ মন্দিৰতে ধৰ্ষণৰ বলি হ’ল নাবালিকা

December 25, 2023 11:26 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ মন্দিৰৰ ভিতৰতে সংঘটিত হল এক জঘণ্য ঘটনা।

গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ চৌহদৰে এটা শৌচাগাৰত ধৰ্ষণৰ বলি হ’ল এগৰাকী কণমাণি নাবালিকা। 

এই ঘটনাৰ খবৰ পােৱাৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষী সূত্ৰ অনুসৰি,  অভিযুক্তৰ নাম খনিন কলিতা।

লাভ কৰা তথ্য অনুসৰি বশিষ্ঠ আৰক্ষীয়ে মেঘালয়ৰ পৰা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি তেওঁক বশিষ্ঠ থানাত ৰখা হৈছে  আৰু আৰক্ষীয়ে তেওঁক এই অপৰাধৰ সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে।

Related News