NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত অংকুশিতাক বিপুল আদৰণি : আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিব আৰ্থিক সাহায্য

Posted by: কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী November 29, 2017 4:00 pm
কোকৰাঝাৰত অংকুশিতাক বিপুল আদৰণি : আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিব আৰ্থিক সাহায্য

অলপতে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক পোৱা অসম জীয়ৰী অংকুশিতা বড়োক আজি বিপুলভাৱে আদৰণি জনোৱা হয়। তেওঁ প্ৰথমতে কোকৰাঝাৰ ‘ছাই’ (SAI) কমপ্লেক্সত ইয়াত প্ৰশিক্ষণ লৈ থকা খেলুৱৈসকলৰ সৈতে পৰিচয় হয় আৰু মত বিনিময় কৰে। তাৰ পাছত তেওঁক কোকৰাঝাৰ ৰিয়েলিটি পাব্লিক স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰাও বিপুল আদৰণি জনোৱা হয়। আদৰণি জনোৱাৰ সময়তে ৰিয়েলিটি পাব্লিক স্কুলৰ স্বত্ত্বাধিকাৰী ছুডাং কুমাৰ ব্ৰহ্মই অংকুশিতাক পঞ্চাচ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে আজি সন্ধিয়ালৈ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পাঁচ লাখ টকা আৰু ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে দুই লাখ টকাৰ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদান কৰিব বুলি সূত্ৰটোৱে জনাইছে। উল্লেখযোগ্য যে বি টি চিৰ কৰ্তৃপক্ষ আৰু ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে অংকুশিতা বড়োক প্ৰতিযোগিতাখনত তেওঁ কৰা গৌৰৱময় প্ৰদৰ্শনৰ বাবে দুই লাখ টকাৰ আৰ্থিক সাহায্য ইতিপূৰ্বে ঘোষণা কৰিছিল। উল্লেখযোগ্য যে অসম চৰকাৰৰ ফালৰ পৰাও কৃতী খেলুৱৈগৰাকীলৈ দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।