NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আৰক্ষী-সেনা বাহিনীৰ যৌথ অভিযানত আটক অস্ত্ৰ সৰবৰাহকাৰী

Posted by: ৰিনয় বসুমতাৰী May 10, 2018 10:34 pm
কোকৰাঝাৰত আৰক্ষী-সেনা বাহিনীৰ যৌথ অভিযানত আটক অস্ত্ৰ সৰবৰাহকাৰী

বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনা বাহিনীৰ ১৭নং ডোগ্ৰা বাহিনীয়ে আজি এক যৌথ অভিযান চলাই গোসাইগাঁও মহকুমাৰ যমুনাটাৰী গাঁৱৰ পৰা অস্ত্ৰসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত যমুনাটাৰী গাঁৱৰ বাসিন্দা ৰমজান আলীৰ পুত্ৰ জাজি ৰহমান(২১)ৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৭.৬৫ এমএম পিষ্টল দুটা, চাৰিটা মেগজিন আৰু বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা অনুসৰি দীৰ্ঘ দিন ধৰি যুৱকজনে অবৈধ অস্ত্ৰৰ বেপাৰ কৰি থকাৰ এক গোপন তথ্য লাভ কৰাৰ পিছতে উক্ত অভিযানটো চলাই যুৱকজনক আটক কৰা হয় বুলি কয়।