NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না আতংক; চীনে বন্ধ কৰিলে সুন্দৰবনৰ কেঁকোৰাৰ আমদানি, দৈনিক বহু কোটি টকাৰ ক্ষতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2020 7:00 pm
Crabs

চীনত মৃত্যুদুত ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়ত পশ্চিমবংগৰ পৰা কেঁকোৰা আমদানি বন্ধ কৰিছে বেইজিং প্ৰশাসনে।

চীনে ভাৰতৰ পৰা কেঁকোৰাৰ আমদানি বন্ধ কৰাৰ ফলশ্ৰুতিত প্ৰতিদিনে কোটি কোটি টকাৰ লোকচানৰ সন্মুখিন হ’ব ভাৰত।

উল্লেখযোগ্য যে, চীনলৈ পশ্চিমবংগৰ সুন্দৰবন আৰু অন্যান্য অঞ্চলৰ পৰা প্ৰচুৰ পৰিমাণত কেঁকোৰাৰ ৰপ্তানি কৰা হয়।

চীনত খাদ্য ৰসিক গ্ৰাহকৰ মাজত কেঁকোৰা চাহিদা প্ৰচুৰ। চীনত বিভিন্ন ৰকমৰ ব্যঞ্জন হিচাপে কেঁকোৰা পৰিবেশন কৰা হয়।

সুন্দৰবনৰ পৰা সংগ্ৰহ কৰা কেঁকোৰা বেছিভাগ চীন, থাইলেণ্ড, মালেছিয়া আদি দেশলৈ ৰপ্তানি কৰা হয়।

মালেছিয়াত বৃহৎ আকাৰৰ কেঁকোৰাৰ চাহিদা বেছি হোৱাৰ বিপৰীতে চীনা লোকৰ প্ৰথম পচন্দ সৰু সৰু কেঁকোৰা।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত জৰ্জৰিত চীনে ভাৰতৰ পৰা কেঁকোৰা আমদানি বন্ধ কৰি দিয়াৰ লগে লগে ভাৰতত কেঁকোৰাৰ বজাৰ মন্দা হৈ পৰিছে।

উল্লেখযোগ্য যে, চীনত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলশ্ৰুতিত অষ্ট্ৰেলিয়া, ৰাছিয়া, আমেৰিকা, জাপান আদি দেশে চীনৰ পৰা সামগ্ৰী আমদানি বন্ধ কৰি দিছে।

ক’ৰ’না ভাইৰাছৰ ফলত চীনত বৰ্তমানলৈ প্ৰায় তিনি শতাধিক লোকৰ মৃত্যু হৈছে।