NORTHEAST NOW (Assamese)
অসম

আঞ্চলিক ৰাজনীতিত প্ৰফুল্ল মহন্তক একাষৰীয়া কৰাৰ তৎপৰতা চলিছে নেকি?

Posted by: ৰাজেন শৰ্মা Updated by: ৰাজেন শৰ্মা July 27, 2020 3:11 pm
prafulla-kumar

কৰনা মহামাৰীৰ সংকটৰ মাজতে বিভিন্ন ৰাজনৈতিক দলে অসমত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে কছৰৎ আৰম্ভ কৰিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বিজেপিয়ে ক্ষমতাত থকাৰ বাবে কিছু সুবিধাজনক স্থিতিত আছে যদিও বিৰোধী দলসমূহে নিৰ্বাচনী ৰণ কৌশল গঢ়ি তোলাত সমস্যাৰ সন্মুখীন হৈছে।

বৰ্তমান প্ৰধান বিৰোধী দল কংগ্ৰেছে পৰিস্থিতিৰ সুযোগ গ্ৰহণত ব্যৰ্থ হোৱাৰ লগতে বিৰোধী ঐক্য গঢ়াৰ ক্ষেত্ৰতো বিশেষ আগবাঢ়িব পৰা নাই।

সাম্প্ৰতিক সময়ত অসমত ৰাজনৈতিকভাৱে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ ভৱিষ্যৎ।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ পাছত অসম গণ পৰিষদ দলে ইতিমধ্যে নিজৰ আঞ্চলিক জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচসূত্ৰত বান্ধ খাই পৰিছে।

বৰ্তমান অগপৰ নেতৃত্বত থকা শীৰ্ষ নেতাসকলৰ অধিকাংশই ক্ষমতাৰ মোহত বন্দী আৰু দলটোৰ ঐতিহাসিক প্ৰেক্ষাপট যেন পাহৰি গৈছে।

অগপৰ প্ৰতিষ্ঠাকালৰ মূল কাণ্ডাৰী প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দলটোক পূৰ্বৰ চৰিত্ৰলৈ ঘুৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও দীৰ্ঘদিন ধৰি ক্ষমতাৰ বাহিৰত থকা মহন্তৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

আনহাতে, বৃন্দাবন গোস্বামীকে ধৰি আন একাংশ নেতাই ৰাজনৈতিক বিকল্পৰ সন্ধান চলাইছে।

ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত সৃষ্টি হোৱা আঞ্চলিক গণ মৰ্চাৰ দৰে ৰাজনৈতিক দলে নিৰ্বাচনী ৰাজনীতিত সফল হোৱাৰ নিশ্চয়তা নাই।

আঞ্চলিকতাবাদী ৰাজনীতিৰ ক্ষেত্ৰত এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমত আঞ্চলিক ৰাজনীতিৰ প্ৰতিষ্ঠাপক, দুবাৰকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতি।

বিজেপিৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা প্ৰফুল্ল কুমাৰ মহন্তক প্ৰায় একাষৰীয়া কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

এইক্ষেত্ৰত অগপৰ বৰ্তমানৰ নেতৃত্বই দলটোক হাইজেক কৰাৰ দৰে ৰাখিছে যাতে মহন্তকে ধৰি দলৰ জ্যেষ্ঠ নেতা কিছুমানক আঁতৰত ৰাখিব পাৰি।

জানিব পৰা মতে, শেহতীয়াকৈ আছুৰ নেতৃত্বত এটা আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল গঠনৰ যি প্ৰস্তুতি চলিছে তাতো মহন্ত চৰ্চাত নাই।

এনেদৰে অসমত আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ প্ৰতিষ্ঠা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰায় এলাগী হৈ পৰিছে।

সেয়েহে, প্ৰায় অকলশৰীয়া হৈ পৰা মহন্তই এতিয়া শক্তি আহৰণৰ বাবে বিভিন্ন নেতাক সাক্ষাৎ কৰিছে আৰু হেৰুৱা মৰ্যাদা উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ মহন্তই অতুল বৰাৰ সমষ্টিত বোকাখাতত গৈ প্ৰাক্তন বিধায়ক জিতেন গগৈকো সাক্ষাৎ কৰিছে।

যি কি নহওক, আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ অভিজ্ঞতাপুষ্ট নেতাজনক এতিয়া বিৰোধী আঞ্চলিক ৰাজনীতিৰ কছৰৎ আৰম্ভ কৰা সকলো পক্ষই একাষৰীয়া ৰখাটো লক্ষ্যনীয় হৈ পৰিছে।