NORTHEAST NOW (Assamese)
অসম

আই আই টি গুৱাহাটীৰ হোষ্টেলত জাপানৰ ছাত্ৰ্ৰৰ চিপ লৈ আত্মহত্যা

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা November 21, 2019 5:52 pm
IIT-G main Gate

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত বৃহস্পতিবাৰে বিদেশৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰা ঘটনাক লৈ শিক্ষানুষ্ঠানখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, সুদূৰ জাপানৰ পৰা গুৱাহাটী আই আই টিলৈ অধ্যয়নৰ বাবে অহা কোটা অনোদা নামৰ ছাত্ৰগৰাকীয়ে নিজৰ হেষ্টেলৰ কোঠাতে চিপ লৈ আত্মহত্যা কৰে।

জাপানৰ ছাত্ৰগৰাকী আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলৰ ই-১৪৩ নম্বৰ কোঠাৰ আৱাসী আছিল।

প্ৰতিষ্ঠানখনৰ বায়’ ইঞ্জিনিয়াৰিং বিভাগৰ মেধাৱী ছাত্ৰগৰাকীয়ে জাপানৰ জি আই এফ য়ু বিশ্ববিদ্যালয়ৰ পৰা আই আই টি গুৱাহাটীলৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আহিছিল।

আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও ভাৰতীয় শিক্ষানুষ্ঠান এখনত এনেদৰে বিদেশৰ ছাত্ৰই আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী আই আই টিত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনা এয়া প্ৰথম নহয় ইয়াৰ পূৰ্বেও বহু কেইগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আই আই টি গুৱাহাটীত আত্মহত্যাৰ দৰে পথ বাচি লৈছে।