NORTHEAST NOW (Assamese)
অসম

দিল্লীত শ্বিলঙৰ “উগ্ৰ” প্ৰেজবিটেয়েৰিয়ান গীৰ্জাক মাটি নিদিবলৈ পত্ৰ আৰ এছ এছ-লিংকড মঞ্চৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2019 4:56 pm
RSS-linked LRO demands no land allotment to Presbyterian church in Delhi

শ্বিলং অসামৰিক হস্পিটেলৰ পৰা বাইবেল আঁতৰাবলৈ অনুৰোধ জনোৱা লীগেল ৰাইটছ অবজাৰ্ভে’টৰিয়ে নতুন দিল্লীত প্ৰেজবিটেয়েৰিয়ান গীৰ্জাক মাটি আবণ্টন নিদিবলৈ কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীক আহ্বান জনাইছে।

বিভাগটোৰ মন্ত্ৰী হৰদীপ সিং পুৰিক শ্বিলঙৰ প্ৰেজবিটেয়েৰিয়ান খ্ৰিশ্বিয়ান ধৰ্মীয় গোট এটাই কিছুদিন পূৰ্বে কৰা এই আবেদন প্ৰত্যাখ্যান কৰাৰ বাবে আইনী সংস্থাটোৱে আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰীজনলৈ এই সন্দৰ্ভত দিয়া পত্ৰখনত সংস্থাটোৱে মেঘালয়ত উগ্ৰ প্ৰেজবিটেয়েৰিয়ানসকলে “নিয়াম খাচি অনুগামীৰ ওপৰত চলোৱা তীব্ৰ নিপীড়ন”ৰ কথা উল্লেখ কৰিছে।

লীগেল ৰাইটছ অৱজাৰ্ভে’টৰি হিন্দু ৰাষ্ট্ৰীয়তাবাদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘভুক্ত এক আইনী অধিকাৰমূলক সংস্থা।

সংস্থাটোৰ প্ৰধান নেতা, প্ৰাক্তন আৰ এছ এছ কৰ্মী বিনয় জোশীৰ মতে তেওঁলোকৰ ১৫০গৰাকী স্বেচ্ছাসেৱক আছে।

জোশীয়ে অৱশ্যে সংস্থাটোৰ আৰ এছ এছৰ সৈতে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।

পত্ৰখনত সংস্থাটোৱে যোৱা মাহত পেষ্টৰ এছ এছ মাজাওৰ নেতৃত্বত প্ৰেজবিটেয়েৰিয়ান গীৰ্জাৰ এটা প্ৰতিনিধি দলে শ্বিলঙত কেন্দ্ৰীয় মন্ত্ৰী পুৰিক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰিছে।

নতুন দিল্লীত এটা প্ৰেজবিটেয়েৰিয়ান গীৰ্জা নিৰ্মাণৰ বাবে কেন্দ্ৰক দলটোৱে মাটি বিচৰা বুলি প্ৰকাশিত বাতৰি এল আৰ অ’ই পত্ৰত উল্লেখ কৰিছে।

পত্ৰখনত সংস্থাটোৱে মন্ত্ৰীজনক “মেঘালয়ৰ বাস্তৱ পৰিস্থিতি”ৰ বিষয়ে অৱগত কৰিব খুজিছে আৰু প্ৰেজবিটেয়েৰিয়ানক দেশৰ ৰাজধানীত মাটি আবণ্টনৰ বিৰোধিতা কৰিছে।

সংস্থাটোৰ অভিযোগ, যোৱা কিছু বছৰ ধৰি প্ৰেজবিটেয়েৰিয়ান গীৰ্জাৰ নেতাসকলৰ তদাৰকীত মেঘালয়ৰ সমাজত চূড়ান্ত ধৰ্মীয় উগ্ৰামি চলা পৰিলক্ষিত হৈছে।

“খ্ৰিশ্বিয়ান সংখ্যাগৰিষ্ঠতা থকা মেঘালয়ৰ সমগ্ৰ খাচি আৰু জয়ন্তীয়া জিলাজুৰি বহু ডজন এনে ঘটনা লক্ষ্য কৰা হৈছে,” সংস্থাটোৰ পত্ৰত উল্লেখ।

এই প্ৰসংগত সংস্থাটোৱে উল্লেখ কৰিছে শ্বিলঙৰ এন আই টি চৌহদত গণেশ মূৰ্তি স্থাপনক লৈ জয়ন্তীয়া ছাত্ৰ সন্থাই কৰা তীব্ৰ বিৰোধিতাৰ ঘটনা।

এল আৰ অ’ৰ পত্ৰত উল্লেখ যে, এন আই টি প্ৰশাসনক গণেশ মূৰ্তিটো আঁতৰোৱাৰ বাবে হেঁচা দিবলৈ প্ৰেজবিটেয়েৰিয়ান গীৰ্জা নেতাই ছাত্ৰ সংগঠনটোক উচটনি যোগাইছিল।

সেই ঘটনাটোৰ পিছতে এল আৰ অ’ই শ্বিলং অসামৰিক হস্পিটেলৰ পৰা বাইবেল আঁতৰোৱাৰ বাবে মেঘালয়ৰ মুখ্য সচিব, স্বাস্থ্য সচিব আৰু ইষ্ট খাচি হিলচৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনত কোৱা হৈছিল, নতুনকৈ স্থাপিত “এন আই টি মূৰ্তি দৃষ্টান্ত” অনুযায়ী স্বাস্থ্য কেন্দ্ৰটোৰ ধৰ্মনিৰপেক্ষ প্ৰকৃতি বৰ্তাই ৰখাৰ বাবে এল আৰ অ‘ই এই পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰেজবিটেয়েৰিয়ান খ্ৰিশ্বিয়ান নেতাসকলে “বিষাক্ত আদৰ্শৰ শিক্ষাদান, ৰোপন আৰু বিয়পোৱা”ৰ কাম কৰি অহা বুলি কেন্দ্ৰীয় মন্ত্ৰী পুৰিলৈ দিয়া পত্ৰত এল আৰ অ’ই উল্লেখ কৰিছে।

সংস্থাটোৱে কৈছে যে, এনে এক আগ্ৰাসী, উগ্ৰ খ্ৰিশ্বিয়ান গোটক দেশৰ ৰাজধানীত গীৰ্জা সাজিবলৈ কেন্দ্ৰই মাটি দিলে “সমাজত বিভাজন সৃষ্টি কৰিবলৈ” দিল্লীতো তেওঁলোকে “একে লেতেৰা খেল” খেলিব।

“মেঘালয়ৰ সংখ্যালঘু প্ৰাচীন নিয়াম খাচি ধৰ্ম আৰু ইয়াৰ অনুগামীসকল যোৱা পাঁচটা বছৰত উগ্ৰ প্ৰেজবিটেয়েৰিয়ান গীৰ্জা উপাদানসমূহৰ নিৰ্মম নিপীড়নত পৰিছে,” সংস্থাটোৰ অভিযোগ।

“নিয়াম খাচি পুৰোহিতক অন্তিম সংস্কাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ মাইলিয়াম ঘটনা, প্ৰাচীন নিয়াম খাচি ধৰ্মৰ পবিত্ৰ স্থান লাম চহপেতনেং আক্ৰমণ আৰু ধ্বংস আদি মেঘালয়ৰ প্ৰেজবিটেয়েৰিয়ান খ্ৰিশ্বিয়ান উগ্ৰবাদীৰ নিপীড়নৰ কেইটামান জনাজাত ঘটনা।”

তেওঁলোকে লগতে কৈছে যে খিলঞ্জীয়া বিশ্বাস (অনুগামীৰ) ভুক্তভোগী হোৱাৰ বহু ঘটনা গীৰ্জাৰ হেঁচাৰ বাবে পোহৰলৈ অহা নাই।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহকো এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰাৰ কথা সংস্থাটোৱে গুণা-গঁথা কৰি আছে।