NORTHEAST NOW (Assamese)
অসম

ছাৰ্জিকেল ষ্ট্ৰাইকৰ দুবছৰ : স্পীয়াৰ কৰ্পছ আৰু এনচিচিৰ দ্বাৰা ‘পৰাক্ৰম পৰ্ব’ৰ আয়োজন

Posted by: অভীক চক্ৰবৰ্তী September 28, 2018 1:29 pm
proxy.duckduckgo.com

যুদ্ধ আৰু শান্তিৰ সময়তো ভাৰতীয় সামৰিক বাহিনীয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্বাধীনোত্তৰ ভাৰতত ভাৰতীয় সামৰিক বাহিনীয়ে বিভিন্ন যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰি দেশক বিদেশী অগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ লগতে শান্তিৰ সময়ত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এক বিশিষ্ট ভূমিকা পালন কৰি নাগৰিকক সুৰক্ষা প্ৰদান কৰি আহিছে।

২০১৬ চনত ভাৰতীয় সেনাই বিখ্যাত ছাৰ্জিকেল ষ্ট্ৰাইক অভিযানত পাকিস্তান অধিকৃত কাশ্মীৰৰ ভূমিত প্ৰৱেশ কৰি ভাৰতত প্ৰৱেশৰ বাবে শিবিৰ পাতি থকা উগ্ৰপন্থীৰ উদ্দেশ্য ব্যৰ্থ কৰিছিল।

এই ছাৰ্জিকেল ষ্ট্ৰাইকৰেই ২ বছৰ পূৰ্তি উপলক্ষে কাইলৈ ২৯ ছেপ্টেম্বৰত ভাৰতীয় সামৰিক বাহিনীৰ সাহস, শৌৰ্য আৰু আত্ম বলিদানক স্মৰণ কৰাৰ উদ্দেশ্যে সেনা বাহিনীৰ স্পীয়াৰ কৰ্পছ আৰু এনচিচিএ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত ‘পৰাক্ৰম পৰ্ব’ পালন কৰাৰ প্ৰস্তুতি কৰিছে। এই অনুষ্ঠানত ভাৰতীয় সামৰিক বাহিনীৰ সাহস আৰু শৌৰ্যক প্ৰতিনিধিত্ব কৰা স্থিৰচিত্ৰ আৰু চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। নিৰ্বাচিত কেইটামান স্থানত ‘মিলিটেৰী বেণ্ড’ৰ পৰিৱেশন কৰা হ’ব।

এই অনুষ্ঠানটো নাগালেণ্ডত ১৬টা স্থান, মণিপুৰত ২টা স্থানত, ৬টা স্থানত পালন কৰাৰ পৰিকল্পনা কৰা হৈছে।

অৰুণাচলত এই অনুষ্ঠানটো ৰাজঝানী ইটানগৰ আৰু টুটিঙত অনুষ্ঠিত হ’ব।

উজনি অসমত ‘পৰাক্ৰম পৰ্ব’ৰ কাৰ্যসূচী ডিব্ৰুগড়ৰ  দিনজান মিলিটেৰী কেণ্টনমেণ্টৰ ঝংকাৰ অডিটৰিয়ামত পালন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।