NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীৰ কৃষক বিদ্ৰোহ : দিল্লীত সীমান্তত আন্দোলনৰত আৰু তিনি বিদ্ৰোহী কৃষকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 9:49 am
2020_12$largeimg_1734874988

কেন্দ্ৰীয় চৰকাৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্ত অব্যাহত থকা কৃষক আন্দোলনত অংশগ্ৰহণ কৰাৰ আৰু তিনিজন বিদ্ৰোহী কৃষকৰ মৃত্যু ঘটিছে। দেওবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৃত তিনিজন বিদ্ৰোহী কৃষকৰ এজন হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলত আন এজন জ্বৰত আক্ৰান্ত হৈ মৃত্যুৰ হোৱাৰ বিপৰীতে তৃতীয়জন কৃষকৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

মৃত বিদ্ৰোহী কৃষককেইজন হৈছে ক্ৰমে পঞ্জাৱৰ চাঙ্গৰুৰ জিলাৰ লিধ্ৰা গাঁৱৰ চামচেৰ সিং (৪৫), পঞ্জাৱৰ বাথিণ্ডা জিলাৰ চৌকে গাঁৱৰ যশানদ্বীপ সিং(১৮) আৰু হাৰিয়ানাৰ জিণ্ডৰ নিৱাসী জগবীৰ সিং(৬০)।

ইয়াৰে চামচেৰ সিঙে হাৰিয়ানা-দিল্লী সীমান্তৰ চিঙ্ঘু আৰু জগবীৰ সিঙ আৰু যশানদ্বীপ সিঙে টিক্ৰি সীমান্তৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰি আছিল বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইফালে আত্মহত্যা কৰাৰ লগতে প্ৰচণ্ড শীত আৰু অন্যান্য কাৰণত বহুকেইজন আন্দোলকাৰী কৃষকৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে দিল্লী সীমান্তৰ কৃষক আন্দোলনত অংশগ্ৰহণ কৰা পঞ্চাশজনৰো অধিক বিদ্ৰোহী কৃষকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে কৃষক সংগঠনৰ নেতৃত্বই।