NORTHEAST NOW (Assamese)
অসম

কৰ’না বিধি উলংঘা বিতৰ্কৰ মাজতে সকাহ; টীম ইণ্ডিয়াৰ সকলো খেলুৱৈৰে ৰিপ’ৰ্ট নিগেটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 10:23 am
Team India

কেইবাগৰাকীও খেলুৱৈয়ে কৰ’না ভাইৰাছৰ বিধি উলংঘা কৰাৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে টীম ইণ্ডিয়াৰ বাবে এক সকাহৰ খৱৰ।

ৰোহিত শৰ্মা, শুভমন গীল, ঋষভ পন্টকে ধৰি দলটোৰ সকলো খেলুৱৈ তথা ছাপোৰ্ট ষ্টাফৰ কৰ’না ৰিপ’ৰ্ট নিগেটিভ আহিছে।

বিচিচিআইয়ে জানিবলৈ দিছে,’’যোৱা ৩ জানুৱাৰিত ভাৰতীয় ক্ৰিকেট দলৰ সকলো খেলুৱৈ আৰু ছাপোৰ্ট ষ্টাফৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল। আটাইৰে ৰিপ’ৰ্ট নিগেটিভ আহিছে।‘’

বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ তৃতীয়খন টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এয়া এক ভাল খৱৰ হিচাপে বিবেচিত হৈছে।

শেহতীয়াকৈ মেলব’ৰ্ণত এখন ৰেষ্টুৰেন্টত ৰোহিত শৰ্মা, শুভমন গীল,ঋষভ পন্টকে ধৰি পাঁচগৰাকী ভাৰতীয় খেলুৱৈয়ে খাবলৈ গৈছিল।

এগৰাকী ভাৰতীয় সমৰ্থক সৈতে দেখা কৰি তেওঁলোকে বায়’ বাব’লৰ বিধি ভংগ কৰা বুলি অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যম দাবী কৰিছিল।

ভাৰতীয় দলৰ ফালৰ পৰা অৱশ্যে কোনো বিধিভংগ নকৰা বুলি স্পষ্ট কৰি দিয়া হৈছিল।

এতিয়া অনাহক বিতৰ্কৰ মাজত বিচলিত নহৈ ছিডনীত তৃতীয় টেষ্টৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে টীম ইণ্ডিয়া।

অহা ৭জানুৱাৰিৰ পৰা ছিৰিজটোৰ তৃতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব।