NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ : Updated by: এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ : November 20, 2017 11:19 am
কোকৰাঝাৰত গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ

চাকৰি নিয়মীয়াকৰণ, ৫ মাহৰ বকেয়া আদায় দিয়াৰ দাবীত আজি কোকৰাঝাৰত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।  প্ৰতিবাদকাৰীসকলে জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা মতে ২০১২ চনৰ বিটিএডত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত ধুবুৰী, চিৰাং, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা ৫০০ জনৰো অধিক প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক কামত নিয়োগ কৰা হৈছিল। উক্ত জোৱানসকলে আজি চাৰিমাহ ধৰি ন্যূনতম মাহিলি দৰমহাকেইটাও পোৱা নাই। তেওঁলোকৰ প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ লগতে গৃহৰক্ষী জোৱানসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনায়।