NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত দিন দুপৰতে লুটি নিলে বৃহৎ পৰিমানৰ সোণৰ আ-অলংকাৰ

Posted by: ৰিনয় বসুমতাৰী April 9, 2018 8:07 am
robbery-l1-759

কোকৰাঝাৰত পুনৰ চলিল চোৰৰ ছাফাই অভিযান। দেওবাৰে কোকৰাঝাৰ চহৰৰ তিতাগুড়ী গংগা নগৰস্থিত জনক বসুমতাৰীৰ  ঘৰত দিন দুপৰতে চোৰে লুটি নিলে বৃহৎ পৰিমাণৰ সোণৰ আ- অলংকাৰ।

ঘৰত কোনো নথকা সুবিধা লৈ পকী বেৰ পাৰ হৈ ঘৰখনৰ দুৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰে চোৰে। ঘৰৰ আলমাৰী  খুলি  আঠ লাখ টকাৰ  সোণৰ মালা, সোণৰ ছূৰি আদিকে ধৰি সোণৰ আ অলংকাৰসমূহ লৈ যায়।

উল্লেখযোগ্য যে চহৰৰ বিভিন্ন প্ৰান্তত পূৰ্বতেও  দিন দুপৰতে চোৰৰ দলে লক্ষাধিক মূল্যৰ সোণৰ আ অলংকাৰ  লুটি নিছিল চোৰে। কোকৰাঝাৰত চোৰৰ উপদ্ৰব বৃদ্ধি পাই আহিছে আৰু ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মূল্যবান সা-সম্পদ লুটি নিয়াৰ ঘটনা ইতিমধ্যে কেইবাটাও সংঘটিত হৈছে।

কোকৰাঝাৰ চহৰৰ ভিন্ন স্থানত চোৰে এনেদৰে নিশাৰ বাহিৰে দিন দুপৰতে তাণ্ডৱ চলাই আহিছে যদিও আৰক্ষীয়ে চোৰক নাকী লগাব পৰা নাই। এইক্ষেত্ৰত আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰাৰ লগতে চোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ দাবী তুলিছে স্থানীয় ৰাইজে।