NORTHEAST NOW (Assamese)
অসম

আউট ইন ৮৭; টীম ইণ্ডিয়াৰ ‘ছুপাৰফেন’ চাৰুলতা আৰু নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2020 7:15 pm
EOYWYtjU0AAVRcv

২০১৯’ৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত নিশাটোৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চিত হৈ পৰা টীম ইণ্ডিয়াৰ অতি গুণমুগ্ধ ৮৭ বছৰীয়া বৃদ্ধা চাৰুলতা পেটেল আৰু নাই।

যোৱা ১৩ জানুৱাৰিত ক্ৰিকেট অনুৰাগী তথা টীম ইণ্ডিয়াৰ ছুপাৰফেন হিচাপে পৰিচিত চাৰুলতা পেটেলৰ পৰলোকপ্ৰাপ্তি ঘটে।

বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ খেল চাবলৈ যোৱাৰ পাছতেই এই ক্ৰিকেট অনুৰাগী মহিলাগৰাকী চৰ্চিত হৈ পৰে।

চাৰুলতাৰ উৎসাহ ইমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল আৰু টীম ইণ্ডিয়াক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল যে আনকি  বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই তেওঁৰ আশীৰ্বাদ বিচাৰি কাষ চাপিছিল।

চাৰুলতা পেটেলৰ অফিচিয়েল ইনষ্টাগ্ৰাম প্ৰফাইলে তেওঁৰ মৃত্যুৰ খৱৰটো নিশ্চিত কৰিছে।

তেওঁ আনকি গ্ৰুপৰ চূড়ান্ত খেলত লীডছৰ হেডিংলেত উপস্থিত থাকি শ্ৰীলংকাৰ বিৰুদ্ধে খেলা খেলখনত কোহলিৰ দলটোক উৎসাহ যোগাইছিল।

বিৰাট কোহলিয়ে ৮৭ বছৰীয়া মহিলাগৰাকীক ভাৰতৰ পূৰ্বৰ বাংলাদেশৰ বিৰুদ্ধে খোলা খেলখনৰ পাছতে খেলৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁলোকৰ অন্তৰংগ মুহূৰ্তটোক অনুৰাগী তথা প্ৰাক্তন ক্ৰিকেটাৰসকলে আদৰণি জনাইছিল।

ক্ৰিকেটৰ এই আজন্ম গুণমুগ্ধ মহিলাগৰাকীয়ে ইংলেণ্ডত প্ৰতিখন ক্ৰিকেট মেচৰে নিয়মীয়া দৰ্শক আছিল। তেওঁ আনকি ১৯৮৩’ত কপিলদেব নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৱেষ্টইণ্ডিজক হৰুৱাই বিশ্বকাপ দখল কৰা মুহূৰ্তৰো সাক্ষী আছিল।