NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সংগীত শিল্পীদ্বয় গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱালৈ ২০২০ বৰ্ষৰ শিল্পী বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2020 7:28 pm
Silpi Divas

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জ্যোতি চিত্ৰবনত শিল্পী দিৱস পালন কৰা হয়।

শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰে বিশিষ্ট সংগীত শিল্পীদ্বয় ক্ৰমে গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱাক।

শিল্পী বঁটাত আছে নগদ ২ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগ বস্ত্ৰ আৰু শৰাই।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন পৰিষ্কাৰ, চৰিত্ৰ নিৰ্মাণ আৰু সমাজ সংস্কাৰৰ বাবে ৰূপকোঁৱৰৰ আদৰ্শৰে শিল্পী দিৱস আয়োজন কৰা হয় বুলি উল্লেখ কৰি সোণোৱালে শিল্পী সুলভ মনৰ গৰাকী হ’বলৈ জীৱন জোৰা সাধনাত ব্ৰতী হ’ব লাগিব বুলি কয়।

ৰূপকোঁৱৰৰ আদৰ্শেৰে অসমক আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে আজিৰ অসমৰ যুৱ শক্তিয়ে বিভিন্ন কৰ্ম পথাৰত উজলি উঠিবলৈ সক্ষম হৈছে বুলি মত ব্যক্ত কৰে।

আনহাতে, শিল্পী দিৱস অনুষ্ঠানত বঁটা প্ৰাপক দুয়োগৰাকী শিল্পীয়েও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱন আদৰ্শৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।