NORTHEAST NOW (Assamese)

কোকৰাঝাৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত এন ডি এফ বি (সং) গোটৰ এজন সদস্য নিহত

January 27, 2018 1:08 pm · ৰিনয় বসুমতাৰী
Updated: January 27, 2018 2:34 pm

গণৰাজ্য দিৱস উদযাপনৰ এদিনৰ পিছতে আজি পুৱা কোকৰাঝাৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত এন ডি এফ বি (সং) গোটৰ এজন কেদাৰৰ মৃত্যু হয়।

জানিব পৰা মতে কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও আৰক্ষী চকীৰ অধীনৰ ৰঙাপাৰা গাঁৱৰ ৰিপু বনাঞ্চলত  আজি পুৱা ৫.৩০ বজাত অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে  যুটীয়াভাৱে অভিযান চলাই উক্ত কেদাৰজনক নিধন কৰে।

আনহাতে এন ডি এফ বি (সং) গোটটোৰ ২ বা ৩ জন সদস্য থকা বুলি সন্দেহ কৰা আনকেইজন সদস্য ঘন বনাঞ্চলৰ সুযোগ গ্ৰহণ কৰি পলাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উক্ত অভিযানত নিহত কেদাৰজন গোসাঁইগাঁও আৰক্ষী চকীৰ অধীনৰ কুসুমবিল গাঁৱৰ বিজয় হাজোৱাৰিৰ পুত্ৰ  ৰিকাৰ্দু হাজোৱাৰি(২৬) বুলি আৰক্ষীয়ে চিনাক্ত কৰে।

আৰক্ষীয়ে অভিযানকালত এটা ৯ এম এম পিষ্টল, এটা মেগজিন, ৪ ৰাউণ্ড সক্ৰিয় গুলী, দুটা ম’বাইল, দুখন ছিম কাৰ্ড, এটা বেগ, ১৭ খন ঠিকনা বিহীন ধনদাবী পত্ৰ আৰু ৩ খন এন ডি এফ বিৰ খালী পেড উদ্ধাৰ কৰে।

তাৰোপৰি নিৰাপত্তাৰক্ষীয়ে অভিযানকালত তিনিখন ব্লেংকেট, তিনিটা ৯ এম এম পিষ্টলৰ গুলী ৰখা খালী বাকচ আৰু ২৩ টা ৭.৬২ এম এম পিষ্টলৰ খালী গুলী ৰখা বাকচ উদ্ধাৰ কৰে।

ইতিমধ্যে গোটটোৰ আনকেইজন সদস্যৰ অভিযানত নিৰাপত্তাৰক্ষী বাহিনীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাইছে বুলি জানিব পৰা গৈছে।

Related News