NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বিটিচি সচিবালয় চৌহদৰ পৰা স্বচ্ছ ভাৰত অভিযান

Posted by: ৰিনয় বসুমতাৰী July 7, 2018 11:10 pm
কোকৰাঝাৰত আজি বিটিচি সচিবালয় চৌহদৰ পৰা ইয়াৰ কৰ্মচাৰী সকলে স্বচ্ছ ভাৰত অভিযানৰ এক কাৰ্যসূচী উলিয়াই।
বিটিচিৰ প্ৰধান সচিব চন্দ্ৰ ফুকন, যুটীয়া সচিব দীনেশ বড়োকে ধৰি কৰ্মচাৰী সকলে এই স্বচ্ছ ভাৰত অভিযানত অংশ গ্ৰহণ কৰে।
বিটিচিৰ প্ৰধান সচিব গহৰাকীয়ে কয় যে স্বচ্ছতা অভিযান স্বচ্ছ ভাৰত অভিযানৰে এটা অংশ। লগতে তেওঁ পৰিষদে প্ৰত্যেক মাহৰে ৭ তাৰিখে স্বচ্ছতা অভিযান কাৰ্যসূচী উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে।
তাৰোপৰি প্ৰধান সচিব গৰাকীয়ে ইয়াৰ কৰ্মচাৰী আৰু জনসাধাৰণক বিটিচি সচিবালয়ৰ চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিবলৈ আহ্বান জনায়।
আনহাতে বিটিচিৰ স্বাস্থ্য বিভাগৰ সচিব দীনেশ বড়োৱে কয় যে বিটিচি সচিবালয়ৰ কৰ্মচাৰী সকলে স্বচ্ছতা অভিযানৰ জৰিয়তে বিটিচি বিধানসভা আৰু সচিবালয়ৰ চৌহদ পৰিষ্কাৰ কৰাৰ লগতে ইয়াৰ কৰ্মচাৰী সকলে কাৰ্যালয় আৰু শৌচালয় সমূহো চাফা কৰে।