NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা এজন বাংলাদেশীক কৰিমগঞ্জত গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ May 5, 2018 10:03 am
এন আৰ চি

এন আৰ চিত বাংলাদেশীয়ে নাম অন্তৰ্ভুক্ত কৰিবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। তেনে এক ষড়যন্ত্ৰ সফল কৰিবলৈ আহি কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল ৰবিউল ইছলাম নামৰ এজন বাংলাদেশী নাগৰিক।

জানিব পৰা মতে অসম আৰু পশ্চিম বংগত ১৫ বছৰ ফেৰীৱালাৰ ৰূপত থকা ৰবিউলে ১৪ বছৰ পূৰ্বে পশ্চিম বংগৰ বনগাওঁ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। ফেৰীৱালাৰ ৰূপত ৰবিউলে মঙলদৈতো ৩ বছৰ কটাইছিল।

বৃহস্পতিবাৰে পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা এন আৰ চি সেৱা কেন্দ্ৰত দালালৰ সহযোগত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে ৰবিউল। সেৱা কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীয়ে সোধা-পোছা কৰাত ৰবিউলে সকলো কথা স্বীকাৰ কৰে।

এন আৰ চিৰ দায়িত্ববাহী বিষয়াৰ অভিযোগৰ ভিত্তিত পাথাৰকান্দিৰ আৰক্ষীয়ে ৰবিউলক গ্ৰেপ্তাৰ কৰে আৰু শুকুৰবাৰে আদালতত হাজিৰ কৰায়।

আনহাতে, সোণাতুলা  সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আন এজন বাংলাদেশী নাগৰিক চান্দ আলী (৩৫) ক সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰি পাথাৰকান্দি থানাত চমজাই দিয়ে।

আৰক্ষীয়ে চান্দ আলীক আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে বাংলাদেশী নাগৰিকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে।