NORTHEAST NOW (Assamese)
Popular Stories

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2025 11:46 am

ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগে গুৱাহাটীস্থিত জিএনআৰচি হাস্পতালৰ চিকিৎসাৰ গাফিলতিৰ বাবে জগৰীয়া কৰি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। হাস্পতালৰ ভুলৰ ফলত অৰুণাচল প্ৰদেশৰ টাকাম জেমছ নামৰ এজন ৰোগী অক্ষমতাত ভুগিবলগীয়া হয়।শেহতীয়াকৈ এনচিডিআৰচিয়ে চিকিৎসালয়খন আৰু ইয়াৰ চিকিৎসকসকলক জেমছক চিকিৎসাৰ সময়ত হোৱা ক্ষতিৰ বাবে ২০ লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে।

জেমছে ২০১৪ চনত জিএনআৰচি হাস্পতালৰ তিনিজন চিকিৎসক ক্ৰমে ডা নৱনীল বৰুৱা, ডাঃ বিৱন বিহাৰী দে, আৰু ডাঃ মনোজ আগৰৱালাবিৰুদ্ধে অভিযোগ দাখিল কৰিছিল । জেমছে কয় যে তেওঁৰ চিকিৎসাৰ সময়ত তেওঁলোকৰ গাফিলতিৰ বাবে তেওঁৰ অক্ষমতা আহি পৰে। তেওঁ ক্ষতিপূৰণ হিচাপে ১২.৪ কোটি টকা বিচাৰিছিল যদিও প্ৰমাণৰ অভাৱত এনচিডিআৰচিয়ে এই ধনৰাশি অত্যধিক বুলি বিবেচনা কৰিছিল।

অৱশ্যে ন্যায়াধীশ সুভাষ চন্দ্ৰ আৰু ন্যায়াধীশ এভিএমজে ৰাজেন্দ্ৰৰ নেতৃত্বত আদালতে এই কথাত সন্মতি প্ৰকাশ কৰে যে জেমছে গত সময়চোৱাত বহুত কষ্ট পাইছিল। যাৰ ফলত বিশেষ চিকিৎসাৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা তামিলনাডুৰ ভেল্লোৰলৈ যাবলগীয়া হৈছিল আৰু এতিয়াও অহৰহ চিকিৎসা সেৱাৰ প্ৰয়োজন।

এনচিডিআৰচিয়ে চিকিৎসকসকলক একেলগে এমাহৰ ভিতৰত ২০ লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে। যদি তেওঁলোকে পলম কৰে তেন্তে ধন পৰিশোধ নকৰালৈকে প্ৰতি বছৰে অতিৰিক্ত ১২% সুত দিব লাগিব। আদালতে তেওঁলোকক জেমছৰ আইনী খৰচ বহন কৰিবলৈ আৰু ৫০ হাজাৰ টকা দিবলৈ কয়। এই ৰায়দানৰ পৰা দেখা গৈছে যে চিকিৎসালয় আৰু চিকিৎসকে ৰোগীৰ ভালদৰে যত্ন লব লাগিব, আৰু যদি তেওঁলোক বিফল হয় তেন্তে তেওঁলোকক জগৰীয়া কৰিব পাৰি।