NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2025 10:12 am
ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলে এছ জয়শংকৰে। এইবাৰ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিছে। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন বিশেষ প্ৰতিনিধিয়ে কাবুললৈ উৰা মাৰি তালিবানৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছিল। ফলত প্ৰশ্ন উত্থাপন হয়, পাকিস্তানৰ সৈতে সংঘাতৰ মাজতে ভাৰতে ইছলামবাদৰ শত্ৰু তালিবানৰ সৈতে হাত মিলাইছে নেকি?

জয়শংকৰে বৃহস্পতিবাৰে এক্স হেণ্ডেলত কয় যে আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী মাউলাই আমিৰ খান মুত্তাকিৰ সৈতে আলোচনা কৰা হৈছে। পেহেলগাম আক্ৰমণক তেওঁ যিদৰে গৰিহণা দিছিল, তাৰ মই অতিশয় শলাগ লৈছো।এটা এক্স-পোষ্টত বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পাকিস্তানী সংবাদ মাধ্যমে ভুৱা বাতৰি বিয়পাই ভাৰত আৰু আফগানিস্তানৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে তালিবানৰ বৈদেশিক মন্ত্ৰীয়ে সেই প্ৰচেষ্টা নাকচ কৰে।

আনহাতে, তালিবানৰ যোগাযোগ সঞ্চালক হাফিজ জিয়া আহমেদে কয় যে ফোনত হোৱা কথা-বতৰাৰ সময়ত জয়শংকৰক অধিক আফগান নাগৰিকৰ বাবে ভিছাৰ বাবে আবেদন কৰিবলৈ কোৱা হৈছিল। চাবাহৰ বন্দৰক লৈও আলোচনা হয়। মন কৰিবলগীয়া যে, ভাৰত-পাকিস্তান সীমান্ত বন্ধ হোৱাৰ ফলত আফগানিস্তানৰ সৈতে ভাৰতৰ বাণিজ্যতো প্ৰভাৱ পৰিছে। ফলত কাবুললৈ চাবাহাৰ বন্দৰৰ গুৰুত্ব বাঢ়িছে। মুঠৰ ওপৰত জয়শংকৰৰ ফোন কলৰ পাছত তালিবান চৰকাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হৈছে বুলি বিশ্লেষকসকলে অনুমান কৰিছে।

মন কৰিবলগীয়া যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আফগানিস্তান, ইৰাণ আৰু পাকিস্তান বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশে কিছুদিন পূৰ্বে কাবুল ভ্ৰমণ কৰিছিল। তেওঁ তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰে। কিন্তু ভাৰতে এতিয়াও আফগানিস্তানত তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই।