NORTHEAST NOW (Assamese)
দেশ

ইণ্ডিগ’ৰ ওপৰত কেন্দ্ৰৰ কঠোৰ ব্যৱস্থা : দৈনিক ১০% বিমান বাতিলৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2025 10:13 am

ইণ্ডিগ’ বিমান সেৱাত হোৱা ব্যাপক খেলিমেলিৰ ফলত যাত্ৰীসকলে সপ্তাহজোৰা দুৰ্ভোগ ভুগাৰ পিছত অৱশেষত কেন্দ্ৰীয় চৰকাৰে দেশৰ এই বৃহৎ বিমান সংস্থাটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইণ্ডিগ’ৰ দৈনিক বিমান সেৱা সোনকালে ১০ শতাংশ কমোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

ইণ্ডিগ’ই প্ৰতিদিনে প্ৰায় ২২০০ খন বিমান পৰিচালনা কৰে, সেই হিচাপত দৈনিক প্ৰায় ২০০ খন বিমান বাতিল কৰা হ’ব।

চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে ইণ্ডিগ’ই নিজে ‘এক্স’ (পূৰ্বে টুইটাৰ) যোগেদি প্ৰকাশ কৰিছে। তেওঁলোকৰ বিবৃতিত কোৱা হৈছে, “মন্ত্ৰালয়ে বিশ্বাস কৰে যে ইণ্ডিগ’ৰ ৰুট হ্ৰাস কৰাটো প্ৰয়োজনীয়। ইয়াৰ ফলত কাৰ্যক্ৰমবোৰ সুস্থিৰ হ’ব আৰু বিমান বাতিলৰ সংখ্যা কম হ’ব। ১০ শতাংশ বিমান হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ পালন কৰিলেও সংস্থাটোৱে আগৰ দৰেই সেৱা অব্যাহত ৰাখিব।”

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ভাড়া বৃদ্ধি, যাত্ৰীৰ সুবিধা আৰু সেৱা নীতি সন্দৰ্ভতো কেইবাটাও নতুন নিৰ্দেশনা দিছে, যিটো সংস্থাটোৱে নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে।

মঙলবাৰে পুৱা এটা ইংগিত পোৱা গৈছিল যে ইণ্ডিগ’ৰ দৈনিক সেৱা ৫ শতাংশলৈ হ্ৰাস কৰিব পৰা যায়, কিন্তু শেষত এই সংখ্যা দুগুণ হৈ ১০ শতাংশত উপনীত হ’ল। মঙলবাৰে ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্ছলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নতুনকৈ জাননী প্ৰেৰণ কৰিছে।

সোমবাৰে ৰাজ্যসভাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয়, “আমি পাইলট, বিমান কৰ্মী আৰু যাত্ৰীসকলৰ যত্ন লওঁ। সকলো বিমান সংস্থালৈ নিৰ্দেশনা স্পষ্টকৈ জনোৱা হৈছে। ইণ্ডিগ’ৰ উচিত আছিল ব্যৱস্থাপনা সঠিক কৰি ৰখা। যাত্ৰীসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে। আমি এই বিষয়টো কোনোমতেই পাতলকৈ লোৱা নাই। যদিহে নিৰ্দেশনা মানি চলা নহয়, তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব। আমি আন সকলো বিমান সংস্থাৰ বাবে এটা উদাহৰণ সৃষ্টি কৰিম।”