NORTHEAST NOW (Assamese)
দেশ

মহিলাক গৰ্ভৱতী কৰিলে লাভ কৰিব ১০ লাখ টকা! বিহাৰত পুনৰ প্ৰৱঞ্চনাৰ জাল প্ৰৱঞ্চকৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 11, 2025 7:14 pm
মহিলাক গৰ্ভৱতী কৰিলে লাভ কৰিব ১০ লাখ টকা! বিহাৰত পুনৰ প্ৰৱঞ্চনাৰ জাল প্ৰৱঞ্চকৰ

এগৰাকী নিঃসন্তান মহিলাক গৰ্ভৱতী কৰিব পাৰিলে দিয়া হ’ব ১০ লাখ টকাৰ পুৰস্কাৰ। বিহাৰৰ এটা কোম্পানীয়ে দিছে এনে এক বিজ্ঞাপন । এই বিজ্ঞাপন দেখি আবেদন কৰি প্ৰঞ্চনাৰ জালত ভৰি থ’লে বহু কেইজন যুৱকে।

এই ফান্দত ভৰি দিয়াৰ লগে লগে তেওঁলোকৰ পৰা লাখ লাখ টকা লুটি ল’লে প্ৰৱঞ্চকে। কিন্তু কোম্পানীটোৱে এই প্ৰৱঞ্চনা বেছি দিন চলাব নোৱাৰিলে। তদন্তৰ অন্তত জালিয়াতিৰ জাল ভাঙিলে আৰক্ষীয়ে।

ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ৩ টা পেঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে বিহাৰৰ নৱাড়া জিলাৰ কহুৱাৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে। তাৰ পৰাই প্ৰথম অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

তদন্তৰ অন্তত ‘অল ইণ্ডিয়া গৰ্ভৱতী চাকৰি সেৱা’ নামৰ ভুৱা সংগঠনটো ধৰা পেলায় আৰক্ষীয়ে।

বিজ্ঞাপন অনুসৰি এই কামত সফল হ’লে ১০ লাখ টকা পাব পুৰুষসকলে। কিন্তু বিফল হ’লেও হতাশ লাভ কৰিব ৫০ হাজাৰৰ পৰা ৫ লাখ টকা।