NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ মাগুৰমাৰিত বৈদ্যুতিক তাঁৰ ছিগি গুৰুতৰপূৰ্ণভাৱে আহত এজন

March 10, 2018 9:52 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰৰ মাগুৰমাৰি গাঁৱত শনিবাৰে বৈদ্যুতিক তাঁৰ ছিগি সংঘটিত এক দুৰ্ঘটনাত এজন লোক আহত হোৱাৰ লগতে স্থানীয় লোকৰ বহু বৈদ্যুতিক সামগ্ৰী নষ্ট হয়।

উক্ত দুৰ্ঘটনাটো এখন উদ্যানৰ সমীপৰ শাল গছ কাটিবলৈ যাওঁতে দিনৰ ২-৩০ বজাত সংঘটিত হয় বুলি জানিব পৰা গৈছে।

আনহাতে উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজন প্ৰদীপ মণ্ডল বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰদীপে জানিবলৈ দিয়া মতে এজন ব্যক্তিয়ে শাল গছৰ কুণ্ডা কাটি থকা অৱস্থাত হঠাৎ কুণ্ডাটো ১১ হাজাৰ ভল্টেজৰ বিদ্যুতৰ তাঁৰত পৰাত বৈদ্যুতিক তাঁৰ ছিগি পৰে। ফলত প্ৰদীপ মণ্ডল গুৰুতৰভাৱে আহত হোৱাৰ লগতে অঞ্চলটোৰ বহু লোকৰ বৈদ্যুতিক সামগ্ৰীও নষ্ট হয়।

ইতিমধ্যে আৰক্ষী আৰু বৈদ্যুতিক বিভাগৰ বিষয়া আহি ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

 

Related News