NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ‘মহাবীৰ জয়ন্তী’ : ‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে চহৰ পৰিভ্ৰমণ জৈনধৰ্মীৰ

Posted by: ৰিনয় বসুমতাৰী March 29, 2018 5:27 pm
Guwahati- Mahavir Jayanti

‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰত আজি ২৯ মাৰ্চত দিনজোৰা কাৰ্য্যসূচীৰে পবিত্ৰ মহাবীৰ জয়ন্তী উদযাপন কৰে জৈনধৰ্মীসকলে।

অল ইণ্ডিয়া জৈন মাইনৰিটি ফেডাৰেশ্যন চমুকৈ এ আই জে এফ  কোকৰাঝাৰ শাখাৰ উদ্যোগত  পালন কৰা হয় মহাবীৰ জয়ন্তী।

কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা জৈন মন্দিৰৰ পৰা আৰম্ভ হোৱা বিশাল শোভাযাত্ৰা পতাকা জোকাৰি উদ্বোধন কৰে এ আই জে এফ  কোকৰাঝাৰ শাখাৰ সভাপতি সুনীল আঞ্চাল্যই।

‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰ জে ডি ৰোড , শান্তি নগৰ হৈ ৰাসমেলা পথাৰৰ কাষত থকা টেৰাপান্ট ভৱনলৈ শোভাযাত্ৰাটোৱে চহৰখন পৰিভ্ৰমণ কৰে। গণ সমদলটোত বহু সংখ্যক জৈন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।