NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বড়োলেণ্ড ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

Posted by: ৰিনয় বসুমতাৰী March 29, 2018 4:40 pm
কোকৰাঝাৰত

কোকৰাঝাৰত বড়োলেণ্ড ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ কৰ্মচাৰী সন্থাৰ কৰ্মবৃন্দই চাকিৰ নিয়মীয়াকৰণৰ দাবীত অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি পালন কৰিছে।

চাকিৰ নিয়মীয়াকৰণৰ দাবীত দেওবাৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰা কৰ্মচাৰী সকলে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বড়োলেণ্ড ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ তথা  বি টি এছৰ চালক আৰু পৰিচালক সকলে নিম্নতম হিচাপে মাত্ৰ চাৰি হেজাৰ দৰমহাত বহু বছৰ ধৰি সেৱা আগবঢ়াই আহিছে। কিন্তু বৰ্তমান বি টি চিৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে সকলো বি টি এছ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে কাৰ্যত পৰিণত নহ’ল।
আনহাতে বৰ্তমান চাৰি হেজাৰ টকাত কোনো ব্যক্তিয়ে ঘৰ তথা পৰিয়াল পৰিচালনা কৰিব নোৱাৰে। গতিকে প্ৰতিশ্ৰুতি দিয়া অনুসৰি বি টি এছৰ কৰ্মচাৰী সকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণৰ পদক্ষেপ গ্ৰহণ নকৰালৈকে এই কৰ্মবিৰতি আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰী সকলে সদৰী কৰিছে।
ইফালে বি টি এছ চুপাৰ বাছৰ চালক, পৰিচালক সকলে কৰ্মবিৰতি কৰাৰ ফলত বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰলৈ অহা দূৰ-দূৰণীৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।