NORTHEAST NOW (Assamese)
অসম

‘জীৱনজোৰা সাহিত্য সাধনা’ সন্মান প্ৰদান সাহিত্যিক, চিন্তাবিদ শশী শৰ্মাক

Posted by: এন ই নাও নিউজ January 8, 2018 8:46 am
শশী শৰ্মা

অসম সাহিত্য সভাই ‘জীৱনজোৰা সাহিত্য সাধনা’ সন্মান প্ৰদান কৰিলে বিশিষ্ট সাহিত্যিক, চিন্তাবিদ শশী শৰ্মাক। শুকুৰবাৰে আবেলি নলবাৰীৰ জাপাৰকুছিত থকা সাহিত্যিকগৰাকীৰ নিজ গৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই বঁটা প্ৰদান কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত সাহিত্যিক গৰাকীক গামোচা, চেলেং চাদৰ, জাপি, অসম সাহিত্য সভাৰ স্মাৰক, মানপত্ৰ আৰু কিতাপৰ  টোপোলাৰে সন্মান প্ৰদান কৰা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি সাহিত্যিক শশী শৰ্মাই কয় যে সাহিত্য সভাৰ মৌলিক লক্ষ্য ৰক্ষা কৰিব লাগিব বা উত্তৰোত্তৰ বৃদ্ধি হলেহে মৰ্যদা লাভ কৰিব। অসম সাহিত্য সভা অসমৰ প্ৰাচীনতম সাংস্কৃতিক অনুষ্ঠান। তদুপৰি সকলোৱে মিলি ইয়াক আগবঢ়াই নিব লাগিব বুলিও দোহাৰে বৰেণ্য  সাহিত্যিক শৰ্মাই। আনহাতে সভাখন সঞ্চালন কৰা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ভাষন প্ৰসংগত কয় যে সাহিত্য সভাই শশী শৰ্মাক এই সন্মান বিগত পাচঁ বছৰ আগেয়ে প্ৰদান কৰিব লাগিছিল। লগতে পৰমানন্দই শৰ্মাৰ পৰামৰ্শ সাহিত্য সভাই  মানি চলিব বুলিও কয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা,  সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পংকজ গোবিন্দ মেধি, ডঃ ৰবীন দাস, জিলা সাহিত্য সভাৰ বিষয়ববীয়া গোবিন্দ কলিতা, সমীন্দ্ৰ মহন্ত, অতুল শৰ্মা, আৰতী বৈশ্য, দীপালিমা দত্ত, ডাঃ সমৰ তালুকদাৰ, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে। শেষত সাংবাদিক মজিবুৰ ৰহমানে শলাগৰ শৰাই জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ‘ছোভিয়েট দেশ বঁটা’ বিজয়ী, অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মালৈ অসম সাহিত্য সভাই  ২৬, ২৭ ডিচেম্বৰত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বছৰজোৰা শতবৰ্ষীয় সামৰণী অনুষ্ঠানৰ মুকলি সভাত সাহিত্যিক গৰাকীক ‘শতবৰ্ষীয় জীৱনজোৰা সাহিত্য সন্মান’ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।