NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত দুই ভাই-ককাইৰ কামনাৰ বলি ১১ বছৰীয়া নাবালিকা

Posted by: অমল কুমাৰ দাস October 27, 2018 9:39 pm
Marigaon rape accused

ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এইবাৰ মৰিগাঁৱৰ সাতগাঁৱত সংঘটিত হ’ল নাবালিকা বলৎকাৰৰ দৰে এক পৈশাচিক ঘটনা।

ঘটনাৰ বিৱৰণি অনুসৰি জিলাখনৰ জালুগুটি থানাৰ অন্তৰ্গত সাতগাঁৱৰ চম্পক দাস আৰু বিজু দাস নামৰ দুই ভাই-ককায়ে লগ লাগি ঘৰৰ ওচৰৰে এগৰাকী ১১ বছৰীয়া নাবালিকাক কালি নিশা ৬ মান বজাত ঘৰৰ পৰা মাতি নি বলাৎকাৰ কৰি ঘৰৰ কাষত পেলাই থৈ যায়।

পিছত পৰিয়ালৰ মানুহে সংকটজনক অৱস্থাত নাবালিকা গৰাকীক মৰিগাঁও অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰোৱায়। নবালিকা গৰাকীৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিব পৰা গৈছে।

ইতিমধ্যে জালুগুটি আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত চম্পক দাস আৰু বিজু দাসক আটক কৰি মিকিৰভেটা আৰক্ষী ছাউনীলৈ প্ৰেৰণ কৰে।