NORTHEAST NOW (Assamese)
অসম

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 25, 2022 6:18 pm
SEBA-HSLC-Matric-students

অসম মাধ্যমিক শিক্ষা পৰিষদে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ।

অৱশ্যে বিভাগীয় ভাবে এই বিষয়ত কোনো জাননী প্ৰকাশ কৰা নাই যদিও অতি কম দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰিব পৰাকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে সাজু হৈ উঠিছে বুলি পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে।

এইবাৰো অসম মাধ্যমিক শিক্ষা পৰিষদে বিভাগীয় ৱেবছাইট- sebaonline.org আৰু resultsassam.nic.in ত ফলাফল প্ৰকাশ কৰিব।

উল্লেখ্য ১৫ মাৰ্চত আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা ৩১ মাৰ্চলৈকে চলিছিল।

এইবাৰ মুঠ ৪.৩১ লাখ (৪,৩১,১৩২) শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল।

জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ফলাফল মে’ মাহৰ অন্তিম সপ্তাহত বা জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা কৰা হ’ব পাৰে।

কেনেদৰে চাব পাৰিব ফলাফল?

‘ছেবা’ৰ অফিচিয়েল ৱেবছাইট sebaonline.org বা resultsassam.nic.in খুলি লওঁক।

হোমপেজত, ‘এইচএছএলচি ৰিজাল্ট ২০২২’ লিংকত ক্লিক কৰক।

শিক্ষাৰ্থীৰ ৰোল নম্বৰ অন্তৰ্ভূক্ত কৰক আৰু ‘চাবমিটত ক্লিক কৰক।

লগে লগে দেখুৱাব ফলাফল ।