NORTHEAST NOW (Assamese)
Popular Stories

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 10:29 am
index.jpgs

২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা লাল কিলা কাণ্ড সংঘটিত হোৱাৰ পিছতে যেন কিছু চাপত পৰিছে প্ৰতিবাদকাৰী কৃষক সংগঠনসমূহ।

কৃষক সংগঠনসমূহৰ দিল্লীৰ ট্ৰেক্টৰ ৰেলীয়ে বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ সমান্তৰালভাৱে লাল কিল্লাতো উপদ্ৰৱ চলাইছিল একাংশ প্ৰতিবাদকাৰীয়ে।

ইয়াৰ পিছতে কৃষক সংগঠনসমূহৰ নেতৃত্ববৃন্দৰ ভূমিকাক লৈ দেশজুৰি বিতৰ্কৰ সূচনা হৈছে।

কৃষক সংগঠনসমূহে দিল্লীৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাত তৃতীয় শক্তি জড়িত থকা বুলি দাবী কৰিলেও সংগঠনসমূহৰ নেতৃত্ব চাপত পৰা পৰিলক্ষিত হৈছে।

একাংশ প্ৰতিবাদকাৰীয়ে লাল কিল্লাত উপদ্ৰৱ চলোৱাৰ পিছতে কৃষক সংগঠনসমূহে ২৭ জানুৱাৰীত মাৰাথন বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকৰ যোগে দেশৰ ৫০০ কৃষক সংগঠনৰ মহাজোটে নিজৰ মাজত ঐক্য বৰ্তাই ৰখাৰ চেষ্টা কৰিছে। কৃষক সংগঠনসমূহৰ নেতৃত্বই একেমুখে দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাক নিন্দা কৰাৰ লগতে গৰিহণা দিছে।

লাল কিল্লাত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা কাৰ্যৰ দ্বাৰা তেওঁলোকৰ আন্দোলনক কুলষিত কৰিবলৈ কোনো তৃতীয় পক্ষই চেষ্টা কৰা কৰা বুলি অভিযোগ কৰিছে কৃষক সংগঠনসমূহে।

বৈঠকৰ অন্তত দেশজুৰি সূচনা হোৱা বিতৰ্কৰ বাবে চাপত পৰি কৃষক সংগঠনসমূহে তেওঁলোকৰ আন্দোলনৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী সলনি কৰিছে।

সেই অনুসৰি সংগঠনসমূহে অহা ১ ফেব্ৰুৱাৰীৰ বাজেট অধিৱেশনৰ দিনাৰ সংসদ অভিযান কাৰ্যসূচী বাতিল কৰিছে। অৱশ্যে ৩০ জানুৱাৰীত দেশজুৰি জনসভা অনুষ্ঠিত কৰাৰ লগতে অনশন কৰিব দেশৰ কৃষকসকলে।

“১ ফেব্ৰুৱাৰীৰ বাজেটৰ দিনা আমাৰ সংসদ অভিযান বাতিল কৰা হৈছে। কিন্তু প্ৰতিবাদ অব্যাহত থাকিব। ৩০ জানুৱাৰীত দেশজুৰি জনসভা অনুষ্ঠিত কৰাৰ লগতে অনশন কৰা হ’ব।” কৃষক নেতা দৰ্শন পালে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।