NORTHEAST NOW (Assamese)
অসম

এন আৰ চি প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি গোলাঘাট আমছুৰ কেন্দ্ৰীয় গৃহ সচিবলৈ স্মাৰকপত্ৰ

Posted by: ৰিতুপল্লৱ শইকীয়া Updated by: ৰিতুপল্লৱ শইকীয়া August 9, 2019 9:51 pm

গোলাঘাট জিলা সংখ্যালঘু ছাত্ৰ য়ুনিয়নে আজি এন আৰ চি প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ সচিবলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চপি অহাৰ লগে লগে শুনানি গ্ৰহণ গ্ৰহণ ক্ষিপ্ৰতৰ কৰি তোলাৰ ফলত জনসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা বুলি সংগঠনটোৱে উল্লেখ কৰি গৃহ সচিবৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰিছে।

সেই অনুসৰি জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চি কৰ্তৃপক্ষক ব্যক্তিসকলৰ নিজ জিলা বা কাষৰীয়া জিলাত শুনানিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া, শুনানিত উপস্থিতিৰ বাবে ন্যূনতম একসপ্তাহৰ সময়সীমা প্ৰদান কৰি জাননী জাৰি কৰাকে ধৰি আৰু কেইবাটাও দাবী সংগঠনটোৱে উত্থাপন কৰিছে।

তাৰোপৰি সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গুৰুত্বপূৰ্ণ তথ্য ফাদিল হোৱা বিষয় সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিয়া, যিসকল ব্যক্তি এন আৰ চি শুনানিৰ বাবে যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈছে তথা মৃত্যুৰ মুখত পৰিছে তেওঁলোকৰ পৰিয়ালক ৫ লাখ আৰু ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে।

সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা সভাপতি ইচাদ হুছেইন আৰু সম্পাদক ইৰফান আহমেদে জিলা উপায়ুক্তৰ জৰিয়তে গৃহ সচিবলৈ উক্ত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সমিতিখনে লগতে সাতটা দাবী সম্বলিত স্মাৰকপত্ৰৰ প্ৰতিলিপি ভাৰত চৰকাৰৰ পঞ্জীয়ক, ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈও প্ৰেৰণ কৰে।