NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলাৰ ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ ল’লে পৰ্যবেক্ষকে

Posted by: চানু গগৈ Updated by: চানু গগৈ March 17, 2021 6:26 pm
a mori

মৰিগাঁও জিলাত ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৮০-নং মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১নং -লাহৰীঘাট বিধানসভা সমষ্টিত  নিৰ্বাচনৰ বাবে সাধাৰণ পৰ্যবেক্ষক  হিচাপে নিয়োগ কৰা ড.কৈলাশ সিন্দে (আই,এ,এছ,)য়ে  মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত  বহু কেইটা ভোট কেন্দ্ৰ পৰিদৰ্শন কৰে।

তেওঁ ৬৯ নং পশ্চিম খাটবড়ি প্ৰাথমিক বিদ্যালয়(পূৱ), ৭০ নং পশ্চিম খাটবড়ি প্ৰাথমিক বিদ্যালয়(পশ্চিম), ৭১ নং ভূৰবন্ধা মাধ্যমিক বিদ্যালয় (পূৱ), ৭২ নং ভূৰবন্ধা মাধ্যমিক বিদ্যালয় (পশ্চিম), ৩৭ নং মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (উত্তৰ), ৩৮ নং  ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (দক্ষিণ), ৩৯ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য), আৰু ৪০ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৱ),  এই ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে ।

তেখেতে  ভূৰাগাঁও আৰু লাহৰীঘাট পৰিদৰ্শনৰ সময়ত ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দলটোৰ সৈতে বাৰ্তালাপ কৰা উপৰি  ভোট কেন্দ্ৰৰ ওচৰ চুবুৰীয়াৰ সৈতেও পৰ্যবেক্ষক গৰাকীয়ে মত  বিনিময় কৰে ।

আনহাতে ভাৰতৰ নিৰ্বাচন আয়োগে ৭৯নং-জাগীৰোড  বিধানসভা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া  দিপাঙ্কৰ চৌধুৰী (আই,এ,এছ,)য়েও যোৱা   ১৫ মাৰ্চৰ পৰা এলানি কাৰ্যসূচী লৈ ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰিছে ।

১৫ মাৰ্চত  জাগীৰোড সমষ্টিৰ অন্তৰ্গত থকা জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম নগাঁও প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে ।

১৬  মাৰ্চত ন’খলা চৰকাৰী প্ৰাথমিক বিদ্যালয়,   জাগীৰোড মহাবিদ্যালয়,  কেন্দ্ৰীয় বিদ্যালয়, বাপুজী হাইস্কুল আৰু ১৭ মাৰ্চত  ছহিদ লক্ষী ডেকা চেকেণ্ডাৰী স্কুল, ঘুনুচা প্ৰাথমিক বিদ্যালয়, ধৰমতুল উচ্চতৰ মাধ্যমিক বিদ্যালয়,  মকৰিয়া প্ৰাথমিক বিদ্যালয় আৰু  বৰপায়ক হাইস্কুল পৰিদৰ্শন কৰে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জানিবলৈ দিয়ে ।