NORTHEAST NOW (Assamese)
অসম

ত্যাগৰ পাছত ত্যাগ! এইবাৰ ত্যাগ কৰিলে ৰাইজৰ দলৰ ৰাছেল হুছেইনে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 17, 2021 6:31 pm
75591a67-13a8-49ec-b485-eb7fd547d967(1)

বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এটাৰ পাছত আন এটা সৰ্বোচ্চ ত্যাগ কৰিছে ৰাইজৰ দলে। অখিল গগৈয়ে মৰিয়নী সমষ্টিৰ পৰা মনোনয়ন উঠাই লোৱাৰ পাছত এইবাৰ ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব উঠাই লয়।

একমাত্ৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পুলকেশ বৰুৱাক জয়ী কৰোৱাৰ স্বাৰ্থত বা আঞ্চলিকতাবাদী ভোট বিভাজন নহ’বৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আজি এক সংবাদমেলযোগে জানিবলৈ দিয়ে ৰাছেল হুছেইনে।

উল্লেখযোগ্য যে, বৰক্ষেত্ৰী সমষ্টিৰ পৰা হুছেইনে ৰাইজৰ দলৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক জনাই আহিছিল যদিও সেই কথাত গুৰুত্ব নিদি অসম জাতীয় পৰিষদে সমষ্টিটোত প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

ইপিনে, ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বলৈ বাৰম্বাৰ পত্ৰ লিখি বৰক্ষেত্ৰীৰ লগতে ৰাইজৰ দলে প্ৰাৰ্থী দিয়া সমষ্টিত প্ৰাৰ্থিত্ব নিদিবৰ বাবে আহ্বান জনাই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু আজি পৰ্য্যন্ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিষয়টো গুৰুত্ব নিদিয়াত আজি ৰাছেল হুছেইনে নিজেই প্ৰার্থিত্ব উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, সৰ্বোচ্চ ত্যাগৰ বাবে প্ৰস্তুত ৰাইজৰ দলে কেৱল বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বা বিজেপি বিৰোধী শিবিৰৰ এগৰাকী প্ৰাৰ্থীক জয়ী কৰোৱাই অনাৰ স্বাৰ্থত তিনিটা পৰ্য্যায়ৰ নিৰ্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত বৰ্তমানলৈকে ৩০ টা সমষ্টিতহে প্ৰাৰ্থী থিয় কৰাইছে।

অৱশ্যে, অসম জাতীয় পৰিষদে এতিয়ালৈকে ১০০ ৰো অধিক সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে।ইপিনে, ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰোৱা প্ৰায় ১০ টা সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থী থিয় কৰাইছে।

প্ৰশ্ন হৈছে ‘মিত্ৰতাৰ ধৰ্ম কিয় অৱলম্বন কৰা নাই নতুন আঞ্চলিক ৰাজনৈতিক শক্তি দুটাই? যদি এটা সমষ্টিতে দুয়োটা দলৰে প্ৰাৰ্থী থাকে তেন্তে আঞ্চলিকতাবাদী শিবিৰৰ ভোট বিভাজন হৈ বিজেপিক জয়ী কৰোৱাৰ দৰে নহ’বনে?

ইতিমধ্যে, নলবাৰী জিলাৰ তিনিটা সমষ্টি ক্ৰমে নলবাৰী, বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিতে অসম জাতীয় পৰিষদে প্ৰাৰ্থী থিয় কৰাইছিল। দুটা সমষ্টি বাদ দি বৰক্ষেত্ৰী সমষ্টিটো ৰাইজৰ দলে বিচাৰিছিল যদিও তাতো পুলকেশ বৰুৱাক থিয় কৰোৱাত অৱশেষত ৰাইজৰ দলেই উঠাই ল’লে প্ৰাৰ্থিত্ব।

ইপিনে, বৰক্ষেত্ৰী সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াত ৰাছেল হুছেইনক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰাৰ্থী পুলকেশ বৰুৱাই।