NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত সদ্য বিজেপি ত্যাগী উপ সভাপতি সুবল ভৌমিকৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল

Posted by: পিনাকী দাস Updated by: পিনাকী দাস March 25, 2019 7:02 pm
Subal Bhaoumik

বিগত ১৮ মাৰ্চত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা ত্ৰিপুৰা বিজেপিৰ প্ৰাক্তন উপসভাপতি সুবল ভৌমিকে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আজি পশ্চিম ত্ৰিপুৰা সোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।

ত্ৰিপুৰা ৰাজ্যিক কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদ্যোত কিশোৰ দেৱবৰ্মন আৰু অন্যান্য দলীয় নেতা-কৰ্মী সকলৰ সৈতে ৰবীন্দ্ৰ ভৱনৰ পৰা সমদল কৰি আহি জয়ানগৰত থকা পশ্চিম ত্ৰিপুৰাৰ ৰিৰ্টাৰ্ণি বিষয়াৰ কাৰ্য্যালয়ত মনোনয়ন দাখিল কৰে ভৌমিকে।

 

মনোনয়ন দাখিলৰ সময়ত কংগ্ৰেছৰ সোভাযাত্ৰা ত্ৰিপুৰাত

ত্ৰিপুৰাত কংগ্ৰেছৰ মিত্ৰ দল আই এন পি টিৰ নেতা বিজয় কুমাৰ ৰংখাৱাল, জগদীশ দেৱবৰ্মন আৰু আন আন জ্যেষ্ঠ নেতাসকলেও প্ৰাৰ্থীজনৰ লগত সমদলত অংশ গ্ৰহণ কৰে। ত্ৰিপুৰাত থকা ভাষিক সংখ্যালঘু আৰু জনজাতীয় লোকসকলেও কংগ্ৰেছ দলৰ পতাকা আৰু নেতাৰ বেনাৰ, পোষ্টাৰ লৈ সমদলত ভাগ লোৱা দেখা গ’ল।

আনহাতে, মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত ত্ৰিপুৰাত এতিয়াও অত্যাচাৰী শাসন ব্যৱস্থা চলি আছে বুলি মন্তব্য কৰে ভৌমিকে। একমাত্ৰ মুখ্য মন্ত্ৰী সলনি হৈছে তাৰ বাদে ত্ৰিপুৰাত আন একো সলনি হোৱা নাই বুলিও কয় কংগ্ৰেছ প্ৰাৰ্থীজনে।

ৰাজ্যবাসীৰ এবছৰতে বিজেপি আৰু আই পি এফ টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি থকা মোহ ভংগ হৈছে আৰু তেওঁলোকে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি কিশোৰ দেৱবৰ্মনে।