NORTHEAST NOW (Assamese)
অসম

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 25, 2022 5:45 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কোৱেড সন্মিলনত অংশগ্ৰহণ কৰি জাপান এৰাৰ পিছতে তিনিটাকৈ শক্তিশালী মিছাইলৰ পৰীক্ষণেৰে নিজৰ শক্তিৰ উমান দিলে উত্তৰ কোৰিয়াৰ শাসক কিম জঙে।

বিদেনৰ এছিয়া ভ্ৰমণৰ বিৰোধিতা কৰি অহা কিম জঙে বিদেন এছিয়াত থকাৰ সময়তে মিছাইলৰ পৰীক্ষণ কৰিব বুলি ওলোৱা খবৰৰ সত্যতা প্ৰমাণ কৰি উত্তৰ কোৰিয়াই মিছাইল তিনিটা পৰীক্ষণ কৰে।পৰীক্ষণ কৰা মিছাইল কেইটাৰ ভিতৰত এটা নতুন আৰু অত্যাধুনিক আন্তঃমহাদেশীয় মিছাইলো আছে।

জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাই কিম জঙৰ এনে কাৰ্যক উচটনিমূলক পদক্ষেপৰ আখ্যা দি এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। কোৱাড বৈঠকৰ পিছত ৰাষ্ট্ৰপতি জো বিডেন কালি মঙ্গলবাৰত জাপানৰ পৰা ঘৰলৈ উভতি আহে।

উল্লেখ্য উত্তৰ কোৰিয়াই পৰীক্ষণ কৰা মিছাইল কেইটাৰ ভিতৰত এটা হৈছে আন্তঃমহাদেশীয় মিছাইল (আইচিবিএম) ‘হাৱাচং-১৭’।

এই মিছাইলবিধে কোনো এখন মহাদেশকে নিমিষৰ ভিতৰতে ধ্বংস কৰি দিব পাৰে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।

দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ মিছাইল পৰীক্ষণকলৈ উদ্বেগ প্ৰকাশ কৰিছে। জানিব পৰা মতে উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ঙৰ সমীপৰ চুনান অঞ্চলত মিছাইলবোৰৰ পৰীক্ষণ কৰা হৈছে।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নোবুও কিছিয়ে প্ৰকাশ কৰা মতে এটা মিছাইল পৃথিৱীৰ পৃষ্ঠৰ পৰা ৭৫০ কিলোমিটাৰ ওপৰলৈ গৈছিল।

উত্তৰ কোৰিয়াৰ এনে কাৰ্য কোনো পধ্যে মানি ল’ব নোৱাৰি বুলি কিছিয়ে মন্তব্য কৰে।

উত্তৰ কোৰিয়াৰ মিছাইল পৰীক্ষণৰ পিছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়।